ASSAM POLICE ANTI-CORRUPTION CELL  TOPE IN CORRUPTION CASES :ধনৰ খকত এবছৰতে হাত দাঙিলে ৫০ দুৰ্নীতিগ্ৰস্ত বিষয়া- কৰ্মচাৰীয়ে

১৮ মাহত ৬৩ জন গ্ৰেপ্তাৰ

WhatsApp Image 2022 10 20 at 17.25.14 1

ASSAM POLICE ANTI-CORRUPTION CELL  TOPE IN CORRUPTION CASES : ঘোচ লৈ এবছৰত ৰঙাঘৰৰ আলহী হ’ল দুৰ্নীতিগ্ৰস্ত বিষয়া- কৰ্মচাৰী ৷ আনহাতে যোৱা ওঠৰটা মাহত ৫৫ টা গোচৰ ৰজু হোৱাৰ বিপৰীতে আৰক্ষী জালত পৰিছে ৬৩ জন ঘোচখোৰ ইয়াৰ ভিতৰত দুজন দালাল ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছতে মুখ্যমন্ত্ৰীৰ কঠোৰ নিদেৰ্শত সক্ৰিয় হৈ পৰিছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা।

দৈনিক বিভিন্ন সূত্ৰৰ পমখেদি দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়া- কৰ্মচাৰীক ৷ শেহতীয়াকৈ বুধবাৰে ডিব্ৰুগড় ডিটিঅ কাৰ্যালয়ত অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাতে হাতেলোটে কৰায়ত্ব কৰে নিম্নবৰ্গ সহায়িকা দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়ক ৷ নিম্নবৰ্গ সহায়িকা গৰাকীৰ ফ্লেটত তালাচি চলাই উদ্ধাৰ কৰে নজদ ৯ লাখ ৩০ হাজাৰ টকা ৷

অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি যোবা বৰ্ষৰ বিপৰীতে ২০২১-২২ বৰ্ষত আৰক্ষীৰ জালত পৰিছে অধিক সংখ্যক দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী ৷ আনহাতে ২০১৮ ত ১৮ টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছে ১৯ জন চৰকাৰী বিষয়া- কৰ্মচাৰী ৷ একেদৰে আটক হৈছে ৩ গৰাকীকৈ দালাল | ২০১৭ ত ১৯,২০১৮ত ৬,২০১৯ বৰ্ষত ১৬ জনক,২০২০ বৰ্ষত ১৮ জনক,২০২১ বৰ্ষত ১৩ আৰু চলিত বৰ্ষৰ বুধবাৰ লৈকে ৫০জন ঘোচখোৰ বিষয়া-কৰ্মচাৰী ৰঙাঘৰৰ আলহী হৈছে ৷

Exit mobile version