Haunted Railway Stations : ভাৰতবৰ্ষৰ কোন ছটা ৰেলৱে ষ্টেশ্যনত ভূত আছে ?

ভূতৰ ভয়ত নিশা হ’লেই নামি আহে নিস্তব্ধতা !

828668 knowledge most haunted railway stations in india places to avoid travel in india

লোকবিশ্বাস অনুসৰি , এনে বহুত স্থান আছে , য’ত মানুহে ভূতৰ উপস্থিতি অনুভৱ কৰে । বিশেষকৈ শ্মশান, জংগল, পুৰণা ঘৰ , হোটেল আদি এনে কিছুমান ঠাই আছে, যিবিলাকত ভূতে বসবাস কৰে বুলি প্ৰচাৰ হৈ আহিছে । মুখে মুখে চলি অহা এনে প্ৰচাৰৰ বাবেই এই ঠাই সমূহৰ প্ৰতি মানুহৰ অজান শিহৰণ বিৰাজমান । এনে ধাৰণাৰে ভাৰতবৰ্ষৰ ছটা জনপৰিবহনৰ মেৰুদণ্ড ৰেল ষ্টেশ্যনত ভূতৰ উপস্থিতি পোৱা যায় । এই ৰেল ষ্টেশ্যন কেইটাত ৰাতি হ’লে যাত্ৰীয়ে ভয়ত পেপুৱা লাগে ।

এই কেইটা ৰেল ষ্টেশ্যন হৈছে —

১/ কলকতাৰ ৰবীন্দ্ৰ সৰোবৰ ৰেলষ্টেশ্যন : যাত্ৰীয়ে ৰাতি হ’লে ভয় কৰা এটা অন্যতম ৰেল ষ্টেশ্যন হ’ল কলকতাৰ ৰবীন্দ্ৰ সৰোবৰ ৰেল ষ্টেশ্যন । য’ত ৰাতি হ’লে ভূতৰ উপস্থিতি অনুভৱ কৰে মানুহে ।

২/ হিমাচল প্ৰদেশৰ বাৰ’গ ৰেলষ্টেশ্যন : হিমাচল প্ৰদেশৰ এই ৰেল ষ্টেশ্যনত ঠিক কাষতে থকা ৩৩ নম্বৰ টানেলত যাত্ৰীয়ে ৰাতি ভয় কৰে । এই স্থানত অস্বাভাৱিক কৰ্ম-কাণ্ড সংঘটিত হয় বুলি দাবী কৰে যাত্ৰীয়ে ।

৩/ অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ ৰেলষ্টেশ্যন : অন্ধ্ৰপ্ৰদেশৰ এই ৰেল ষ্টেশ্যনত যাত্ৰীয়ে যাবলৈ ভয় কৰে । প্ৰচলিত কথা অনুসৰি , ইয়াত হৰি সিং নামৰ এই চি আৰ পি এফ ৰ জোৱান জন নামিছিলা আৰু তেওঁ আৰ পিএফ তথা টিটিইৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হৈছিল। যাৰ বাবে ইয়াত বহুত অস্বাভাৱিক কৰ্ম-কাণ্ড হয় বুলি দাবী কৰে যাত্ৰীয়ে ।

৪/ উত্তৰ প্ৰদেশৰ নৈনি ৰেল ষ্টেশ্যন : এই ৰেল ষ্টেশ্যনৰ কাষতে থকা নৈনি জিলাত এসময়ত স্বাধীনতা সংগ্ৰামীৰ নিৰ্যাতন কৰা হৈছিল । যাৰবাবে এই ৰেল ষ্টেশ্যনত বহুতো অদ্ভুত কাণ্ড-কাৰখানা সংঘটিত হয় আৰু যাত্ৰীসকলে এই স্থানলৈ ৰাতি যাবলৈ ভয় কৰে ।

৫/ দিল্লীৰ মেট্ৰ’ ৰেলষ্টেশ্যন : দিল্লীৰ মেট্ৰ’ ৰেল ষ্টেশ্যনত থকা ৯ মেট্ৰ’ ষ্টেশ্যনত ৰাতি হ’লে মানুহে ভয়তে পেপুৱা লাগে । অস্বাভাৱিক কৰ্ম-কাণ্ড হৈ থকা বিশ্বাসৰ বাবে এই ষ্টেশ্যনত সন্ধিয়া হ’লে মানুহ প্ৰৱেশ নকৰে ।

৬/ দিল্লীৰ এম জি ৰ’ড মেট্ৰ’ ষ্টেশ্যন : এই ষ্টেশ্যনত ৰাতি হ’লে যাত্ৰীয়ে ভূত দেখা পায় । যাৰবাবে বহু লোকে এই ষ্টেশ্যনত ৰাতি হ’লে যাবলৈ ভয় কৰে । প্ৰচলিত কথা অনুসৰি বহু লোকে ভূত দেখা বুলি দাবী কৰিলেও বিজ্ঞানে এই কথা মানি লোৱা নাই যদিও বহু বিজ্ঞানীয়ে এই বিষয়ত অধ্যয়ন অব্যাহত ৰাখিছে । অৱশ্য়ে অনুসন্ধানকাৰী বিজ্ঞানীয়ে কোনো সময়ত প্ৰকৃতিৰ মাজত লুপ্ত হৈ থকা কিছু শব্দৰ উদঘাটন কৰিবলৈ সক্ষম হৈছে । যাক বহু লোকে ভূত বুলি দাবী কৰি আহিছে ।

Exit mobile version