Jakarta Islamic Centre Grand Mosque : জাকাৰ্টা ইছলামিক চেণ্টাৰ মছজিদত ভয়ংকৰ অগ্নিকাণ্ড, খহি পৰে বিশাল গম্বুজ

jakarta mosque

ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাৰ মাজমজিয়াত স্থিত ইছলামিক চেণ্টাৰ গ্ৰেণ্ড মছজিদত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত মছজিদটো ভস্মীভূত হোৱাৰ লগতে খহি পৰে বিশাল গম্বুজটো৷ অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷ অগ্নিকাণ্ড সংঘটিতৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দহখনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে ৷ মছজিদৰ গম্বুজটো খহি পৰাৰ ঠিক আগতে জুই আৰু ধোঁৱা ওলাই আছিল মছজিদৰ ভিতৰৰ পৰা ৷ অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। জাৰ্কাটাৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মছজিদটোৰ চৌহদৰ ইছলামিক কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছিল ।

আৰক্ষীয়ে অগ্নিকাণ্ড সন্দৰ্ভত অনুসন্ধান কৰি ভৱনটোত কাম কৰা ঠিকাদাৰসকলক সোধা-পোছা কৰিছে৷ মছজিদ চৌহদত মছজিদৰ উপৰিও ইছলামিক শৈক্ষিক কেন্দ্ৰ, বাণিজ্যিক আৰু গৱেষণাৰ সুবিধাও আছিল।

উল্লেখযোগ্য যে প্ৰায় ২০ বছৰ পূৰ্বে ২০০২ৰ অক্টোবৰ মাহত মছজিদৰ নিৰ্মাণৰ সময়ত মছজিদৰ গম্বুজটোত জুল লাগিছিল৷ জুই নিৰ্বাপিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ সময় লাগিছিল পাঁচ ঘন্টা৷

Exit mobile version