MUKESH AMBANI’S SON’S ROYAL LIFE :আম্বানিৰ সন্তানৰ জীৱন-যাপনৰ কথা জানিলে আপোনাৰ ভৰি তলৰ মাটি খহি পৰিব

তিনি সন্তানে দৈনিক খৰচ কৰে কোটিৰ ঘৰত টকা

WhatsApp Image 2022 10 20 at 17.32.21

MUKESH AMBANI’S SON’S ROYAL LIFE : মুকেশ আম্বানি পৃথিৱীৰ ধনী ব্যক্তিৰ অন্যতম । সেইকাৰণেই সদায় মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰ হৈ থাকে আম্বানিৰ পৰিয়াল । বেছিভাগ সময় বিলাসবহুল জীৱনৰ বাবে মিডিয়া চকুত শীৰ্ষ স্থানত থাকে আম্বানিৰ পৰিয়ালৰ প্ৰতিজন সদস্য । সম্প্ৰতি সন্তানৰ বিলাসবহুল জীৱনৰ বাবে চৰ্চিত হৈছে আম্বানি । আম্বানিৰ তিনি সন্তানৰ জীৱন-ধাৰণৰ খৰচ শুনিলে আপোনৰো চকু কপালত উঠিব । আচলতে মানুহে দৈনিক জীৱনৰ বাবে কিমান অৰ্থ খৰচ কৰিব পাৰে !

আম্বানিৰ সন্তানৰ দৈনিক খৰচৰ হিচাপ শতগুণ পৰিমাণৰ । খবৰ অনুসৰি , আম্বানিৰ সন্তানে নিজৰ চখ পূৰণৰ বাবে দৈনিক কোটি টকা খৰচ কৰে । যিটো সাধাৰণ লোকৰ বাবে এক সপোন বুলি ক’ব পাৰি । সম্প্ৰতি জনা গৈছে , আম্বানিৰ ডাঙৰ পুত্ৰ আকাশ আম্বানিৰ বিলাসবহুল মূল্যবান গাড়ীৰ চখ বাঢ়িছে । প্ৰায় তিনি শতাধিক গাড়ীত নিজৰ চখ পূৰণ বাবে বিৰাট অংকৰ ধন ব্যয় কৰি ক্ৰয় কৰিছে আকাশে ।

অকল আকাশেই নহয় , অনন্ত আম্বানি আৰু ইশা আম্বানিয়েও নিজৰ সামান্য চখ পূৰণৰ বাবে খৰচ কৰে প্ৰচুৰ টকা । সম্প্ৰতি এই তথ্য প্ৰকাশ কৰিছে মিডিয়াই । সমান্তৰালকৈ নেটমহলতো এই বিষয়ে চৰ্চা তুংগত আছে । কিছু দিন পূৰ্বে মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিৰ দৈনিক ব্যৱহাৰ কৰা পানীৰ বটলৰ দামৰ লগতে সহায়কাৰী হিচাপে ক্ৰয় কৰা ৰবটৰ কথাই সকলোৰে চকুৰ টোপনি কাঢ়িছিল । পুনৰ সন্তানৰ দৈনিক কোটি টকা খৰচৰ হিচাপে বিশ্ববাসীৰ চকু কপালত তুলিছে ।

Exit mobile version