PM Narendra Modi : মোদীৰ ৰাজ্যত বৃহত্তম শ্বপিং মল ! আহমেদাবাদত তিনি হেজাৰ কোটিৰ বিনিয়োগ লুলু গ্রুপৰ

WhatsApp Image 2022 10 20 at 20.32.55

দেশৰ সৰ্ববৃহৎ বৃহৎ শ্বপিং মল নিৰ্মাণ হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজ্যত । আৰবৰ এক বহুজাতিক সংস্থাই তিনি হেজাৰ কোটি টকাৰ বিনিয়োগ কৰিব এই মলত । তেওঁলোকে জনাইছে, আগন্তুক বছৰৰ আৰম্ভণিতেই ‘শুভ’ কামত হাত দিব তেওঁলোকে ।

গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা হ’ব এই মল । অৱশ্যে ইয়াৰ পূৰ্বে এতয়াও কিছু আনুষ্ঠানিকতা বাকী । ভূমি অধিগ্রহণৰ শেষ পর্যায়ৰ কাম অব্যাহত আছে । তাৰ পাছতেই ২০২৩ত আৰম্ভ হ’ব নির্মাণ কাৰ্য । স্থাপন কৰা হ’ব ভিত্তিপ্রস্তৰ ।

আৰবৰ এই বহুজাতিক সংস্থাৰ নাম লুলু গ্রুপ ইন্টাৰনেছনেল । ভাৰতত ইতিমধ্যে দুটা শ্বপিং মল নিৰ্মাণ কৰিছে সংস্থাটোৱে । ইয়াৰ ভিতৰত এটা যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্রদেশৰ লক্ষ্ণৌত, আনটো কেৰালাৰ কোচি চহৰত । দুয়োটাই যথাক্রমে দেশৰ দ্বিতীয় আৰু তৃতীয় বৃহত্তম মল ।

সংস্থাটোৱে অৱশ্যে জনাইছে, আহমেদাবাদ চহৰত যিটো শ্বপিং মল নিৰ্মাণ হ’ব, সেইটোৱে আকাৰত এই দুয়োটাতো বাদেই দেশৰ সৰ্ববৃহৎ শ্বপিং মল, হায়দাৰাবাদৰ শৰৎ চিটি কেপিটেল মলকো পিছ পেলাব ।

২৭ লাখ বর্গফুট জুৰি বিস্তৃত শৰৎ চিটি মল আঠমহলীয়া । তাত একেলগে ১৪০০টা গাড়ী আৰু চাৰি হেজাৰ বাইক পার্কিঙৰ সুবিধা আছে । ইয়াৰ উপৰি ৪৩০টা ব্ৰেণ্ডৰ দোকান, সাতটা স্ক্রিনৰ মাল্টিপ্লেক্স চিনেমা হল আৰু প্রায় দুহেজাৰ লোক বহাৰ উপযোগী ফুডক’র্টো আছে । তদুপৰি আছে এডভেঞ্চাৰ পার্ক, স্কাই জ’ন পার্ক । আনকি, স্কি কৰাৰ সুবিধা বিশিষ্ট কৃত্রিম বৰফৰ পার্কো ।

পৰিয়ালৰ স’তে সময় কটোৱাৰ সুযোগ-সুবিধাৰ লগতে, সম্প্ৰতি দেশৰ সৰ্ববৃহৎ শ্বপিং মল শৰৎ কেপিটেলত অতিৰিক্ত কিছু সুযোগ-সুবিধাৰো ব্যৱস্থা কৰা হৈছে । যেনে ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিবৰ বাবে কনভেনছন চেন্টাৰ নিৰ্মাণ কৰা হৈছে । লগতে নাইট ক্লাৱ, এটা মাইক্র’ব্রিউৱাৰিঅ’ নিৰ্মাণ কৰা হৈছে । য’ত চকুৰ পচাৰতে মদ প্ৰস্তুত কৰা দেখা যাব ।

লুলু গ্রুপে গুজৰাটত দেশৰ বৃহত্তম শ্বপিং মল নিৰ্মাণ কৰাৰ ঘোষণা কৰাৰ পাছতেই জল্পনা-কল্পনা আৰম্ভ হৈছে, অৱশ্যে মোদীৰ ৰাজ্যৰ এই মলে শৰৎ কেপিটেলৰ সকলো সুযোগ-সুবিধাক পিছ পেলাব নেকি ! গুজৰাটত বৃহত্তম মল নিৰ্মাণৰ ঘোষণাৰ পাছত লুলু গ্রুপৰ বিষয়া ভি নন্দকুমাৰে মলটোৰ সুযোগ-সুবিধাক সন্দৰ্ভত আগতিয়াকৈ ইংগিত দিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, গুজৰাটৰ মলৰ ফুড ক’র্টত একেলগে তিনি হেজাৰ অতিথি বহিব পাৰিব । এই মলৰ ছবি গৃহত থাকিব ১৫টা পর্দা । একেটা সময়তে একেলগে ১৫টা ছবি প্ৰদৰ্শন কৰিব পৰা যাব এই মাল্টিপ্লেক্সত ।

কমেও তিনিশটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বিপনী থাকিব । স্থানীয় ব্ৰেণ্ডৰো বিপনী থাকিব । বিশেষকৈ স্থানীয় উদ্যোগপতি আৰু কৃষকসকলৰ সহায়ক হোৱাকৈ মলটো নিৰ্মাণ কৰা হ’ব ।

অৱশ্যে লুলু গ্রুপৰ তৰফৰ পৰা নন্দকুমাৰে জনাইছে, এই মলৰ সৰ্বশ্ৰেষ্ঠ আকর্ষণ হ’ব শিশুসকলৰ বাবে তৈয়াৰ কৰা চৌহদ । তেওঁ জনায়, দেশৰ সৰ্ববৃহৎ চিলড্রেন্স এমিউজমেন্ট চেন্টাৰৰ ঠিকনা হ’ব গুজৰাটৰ এই শ্বপিং মল ।

জ্যেষ্ঠসকলৰ বাবেও থাকিব নানা আকর্ষণ । শ্বপিঙৰ উপৰিও পৰিয়ালৰ স’তে বা অকলে ভাল সময় কটাবৰ বাবে যাৱতীয় ব্যৱস্থা থাকিব এই মলত — জনাইছে বহুজাতিক সংস্থাটোৱে । অৱশ্যে এই সুবিধাবোৰ কি কি এতিয়াই তাৰ বিশদ জনোৱা নাই তেওঁলোকে । কেৱল জনাইছে, গুজৰাটক দেশৰ শ্ৰেষ্ঠ শ্বপিং গন্তব্যৰূপে গঢ়ি তুলিব তেওঁলোকে ।

কিছু দিন পূৰ্বে ডুবাইত এটা ৰোড শ্ব’ কৰিছিল গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে । সেই অনুষ্ঠানৰ পাছত আৰব আমিৰ-শ্বাহিৰ বহু ব্যৱসায়ীৰ স’তে বৈঠক হয় তেওঁৰ । তাতেই হাইপাৰমার্কেটৰ বহুজাতিক সংস্থা লুলু ইন্টাৰনেছনেল গ্রুপৰ প্রধান এমএ ইউছুফ আলিৰ স’তে এম‌অ’ইউ স্বাক্ষৰ হয় তেওঁৰ ।

ইউছুফ আৰবৰ বহুজাতিক সংস্থাৰ প্রধান যদিও তেওঁ ভাৰতীয় । কেৰালাৰ ত্রিশূৰৰ মুছলিম পৰিয়ালত তেওঁৰ জন্ম । তাতেই বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছে । অৱশ্যে পঢ়া-শুনা শেষ কৰি তেওঁ ভাৰতত থকা নাই । জীৱিকাসূত্ৰে আবুধাবিলৈ গুছি যায় ।

১৯৭৩ত আৰবত যায় ইউছুফে । ১৯৯০ত তেওঁ প্রথম হাইপাৰমার্কেট ষ্ট’ৰ আৰম্ভ কৰে । এই ধৰণৰ বিপনীৰ বিশেষত্ব হ’ল এইসমূহ ছুপাৰ মার্কেট আৰু ডিপার্টমেন্টেল ষ্ট’ৰেৰে তৈয়াৰ হয় । ইয়াত দৈনন্দিন প্রয়োজনৰ সকলো বস্তু এটা ঠাইতেই পায় ক্রেতাসকলে । এই বিপনীবোৰ চলে কম লাভ আৰু অধিক বিক্রীৰ ফর্মুলাত ।

ইয়াৰ পাছৰ পৰা বিশ্বৰ ২৩খন দেশত ২৪০টা হাইপাৰমার্কেট খুলিছে ইউছুফৰ সংস্থা লুলু ইন্টাৰনেছনেলে । ২০০০ৰ পৰা সংস্থাটোৱে যাত্রা আৰম্ভ কৰে । ইউছুফক তেওঁৰ সাফলতাৰ বাবে ভাৰত চৰকাৰে পদ্মশ্রী দিছিল ২০০৮ত । সেই সময়ত অৱশ্যে দেশত কংগ্রেছ চৰকাৰৰ শাসন আছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, ৬৬ বছৰ বয়সৰ এই ব্যৱসায়ীৰ স’তে দেশৰ বর্তমান চৰকাৰৰ সম্পর্কও বেচ ভাল । প্রধানমন্ত্রী মোদীৰ লগতে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগীৰো নিকটৱৰ্তী তেওঁ । মনকৰিবলগীয়া যে, ইউছুফে নিজ ৰাজ্য কেৰালাত মল নিৰ্মাণ নকৰি মোদী আৰু যোগী ৰাজ্যকেই বাছি লৈছে ।

ইয়াৰ ভিতৰত লক্ষ্ণৌৰ মলটো যোৱা জুলাইত উদ্বোধন কৰে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে । সূত্র অনুসৰি, লক্ষ্ণৌৰ মলত দুহেজাৰ কোটি টকাৰ বিনিয়োগ কৰিছিল ইউছুফে । অৱশ্যে লক্ষ্ণৌৰ এই মলক লৈ বিতর্কও আৰম্ভ হয় ।

হঠাৎ শুনিবলৈ পোৱা গৈছিল যে লুলু মলৰ ৮০ শতাংশ কর্মচাৰী মুছলিম ধর্মীয় । আনকি লক্ষ্ণৌৰ মলৰ এটা অংশত নিয়মিত নামাজো পঢ়ে মুছলিমসকলৰ একাংশ‌ই । বাতৰিতো প্রকাশ্যত অহাৰ পাছতেই হিন্দুত্ববাদীসকলে দাবী কৰে, মলৰ ভিতৰত নিয়মিত হনুমান চাল্লিচাও পঢ়িব লাগিব । যদিও সেই বিতর্ক সম্প্ৰতি স্তব্ধ হৈছে ।

আৰবি ভাষাত ‘লুলু’ শব্দৰ অর্থ মুকুতা । আফ্রিকাত বিৰল । ভাৰতীয় ব্যৱসায়ী ইউছুফৰ এই সংস্থাই নিৰ্মাণ কৰা মলে গুজৰাটত বিৰল কোনো অভিজ্ঞতা উপহাৰ দিব, সম্প্ৰতি সেই দিশেই দৃষ্টি সমগ্ৰ দেশৰ ।

Exit mobile version