TEETH CLEANING TIPS : ’ জীৱনচৰ্যা’’ মাত্ৰ ৭ দিনতেই দাঁতৰ হালধীয়া দাগৰ পৰা পৰিত্ৰাণ পাব পাৰিব । কিন্তু কেনেকৈ ? জানিবলৈ পঢ়ক –

WhatsApp Image 2022 10 20 at 16.20.41

TEETH CLEANING TIPS : দাঁত চাফা কৰা এই উপায়ৰ বিষয়ে
মুকুতাৰ নিচিনা দাঁতৰ অধিকাৰী হ’বলৈ কি কৰা উচিত ?

এই সমস্যা নিশ্চয় আপোনাৰো আছে ?
তেন্তে আহক – আজি আমি প্ৰথমতে হালধীয়া দাঁতৰ কাৰণ সম্পৰ্কে জানিবলৈ চেষ্টা কৰো ।
হাঁহিত মুকুতা সৰে বুলি এষাৰ কথা আছে । সঁচাকৈ ধুনীয়া দাঁতৰ মানুহৰ হাঁহি-এ সকলোকে আকৰ্ষণ কৰে । যিসকলৰ দাঁত হালধীয়া , তেওঁলোকেও চকচকীয়া দাঁত পাব পাৰে । চিকিৎসকৰ ওচৰলৈ নগৈও আপুনি এযোৰ সুন্দৰ দাঁতৰ অধিকাৰী হ’ব পাৰে । ইয়াৰবাবে আছে এটা সহজ ঘৰুৱা পদ্ধতি । এই ঘৰুৱা পদ্ধতিৰ বিষয়ে জনাৰ আগতে আমি কিয় দাঁতৰ ৰং হালধীয়া হয় , সেইবিষয়ে জানো আহক —

১/ জিনগত কাৰণ : কিছুমান লোকৰ পৰিয়ালকেন্দ্ৰিকভাৱে প্ৰত্যেক সদস্যৰে দাঁতৰ ৰং একে হয় । অৰ্থাৎ পিতৃ-মাতৃৰ দাঁতৰ ৰং হালধীয়া হ’লে সন্তানৰো সেই প্ৰভাৱ পৰিব পাৰে ।

২/ ডেনটিন : যদি আপোনাৰ দাঁতৰ এনামেল পাতল হয় , তেতিয়াও দাঁতৰ হালধীয়া বৰণ হ’ব পাৰে । আচলতে দাঁতৰ এনামেলৰ তলত এক ধৰণৰ উপাদান থাকে । যাৰ ৰং গাঢ় হালধীয়া হয় । ইয়াকেই ডেনটিন বুলি জনা যায় । এই ডেনটিনৰ বাবেই মানুহৰ দাঁতৰ ৰং কিছু পৰিমাণে হালধীয়া হয় ।

৩/ খাদ্যভ্যাস : বয়স বঢ়াৰ লগে লগেও মানুহৰ দাঁতৰ ৰং হালধীয়া হ’ব পাৰে । কাৰণ , আপুনি কি খাইছে , তাৰ প্ৰভাৱ দাঁতৰ ওপৰত পৰে । অৰ্থাৎ না-না ধৰণৰ পানীয়ত থকা এচিডৰ সংস্পৰ্শত আহিলে দাঁতৰ এনামেলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাটো স্বাভাৱিক ।

৪/ ধূমপান : নিক’টিন আমাৰ শৰীৰৰ বাবে খুবেই বেয়া । ধূমপানত উপলব্ধ নিক’টিনে দাঁতৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । যদি আপুনি ধূমপান কৰে , তেন্তে আপোনাৰ দাঁত হালধীয়া হ’বলৈ বেছি সময় নালাগে ।

অৱশ্যে নিয়মিত দুবাৰকৈ ব্ৰাছ কৰিলে আপোনাৰ দাঁতৰ হালধীয়া ৰং কিছু পৰিমাণে কমি যাব লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি দাঁতৰ হোৱাইটেনিং ট্ৰিটমেণ্ট কৰিলেও দাঁতৰ বগা ৰং ঘূৰাই পাব পাৰে । ক্ষতিকাৰক পানীয় বৰ্জন কৰাটো খুবেই প্ৰয়োজন । যদি কিবা কাৰণত এনেধৰণৰ ক্ষতিকাৰক পানীয় খাবলগীয়া হয় ,তেন্তে খোৱাৰ পিছতে মুখখন কুল-কুলি কৰি চাফা কৰিব লাগে ।
এনে হালধীয়া দাঁত ঘৰুৱা পদ্ধতিৰেও চাফা কৰিব পাৰে। এতিয়া জানো আহক দাঁত চাফা কৰা এই ঘৰুৱা পদ্ধতিৰ বিষয়ে —
# বেকিং চ’ডা : এচামুচ বেকিং চ’ডাৰ লগত অলপ পানী মিহলাই এটা পেষ্ট তৈয়াৰ কৰি দাঁত চাফা কৰিব লাগে । নিয়মিত বেকিং চ’ডাৰ পেষ্টেৰে দাঁত চাফা কৰিলে দাঁতৰ সকলো দাগ চাফা হৈ যাব । ই দাঁতৰ আন সমস্যাও দূৰ কৰে । গৱেষণাত এই কথা প্ৰমাণ হৈছে যে , বেকিং চ’ডাত থকা উপাদানে দাঁতৰ ওপৰত থকা যিকোনো দাগ সহজে চাফা কৰিব পাৰে ।
বি: দ্ৰ: এই লিখনী তথ্যৰ ওপৰত প্ৰতিষ্ঠিত যদিও দাঁতত কোনো গুৰুতৰ সমস্যা দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version