THE LAST INDIAN VILLAGE MANA VISIT PM : দেশৰ শেষৰখন গাঁৱত কাইলৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

WhatsApp Image 2022 10 20 at 21.27.17 2

THE LAST INDIAN VILLAGE MANA VISIT PM :  দেশৰ শেষৰ খন বুলি ক’লেই সকলোৱে নিশ্চয় আচৰিত হ’ব ৷ কিন্ত সেইয়াই সঁচা৷জনশ্ৰুতি মতে দেশৰ শেষৰখন গাৱঁৰ মাজৰে স্বৰ্গলৈ যাত্ৰা কৰিছিল পঞ্চ পাণ্ডৱে৷ বৈশিষ্ট্যপূৰ্ণ গাওঁখনক ইতিমধ্যে স্বীকৃতি দিছে ভাৰত চৰকাৰে ৷

 

সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা গাঁওখন আছে হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ চামেলী জিলাত ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩২১৯ মিটাৰ উচ্চতাত ভাৰত-তিৰ্বতৰ সীমাত অৱস্থিত গাঁও ‘মানা’৷ উত্তৰাখণ্ডৰ পৰ্যটন বিভাগে মান্যতা দিছে ‘পৰ্যটন গাঁও’ হিচাপে ৷

উত্তৰাখণ্ডৰ তীৰ্থস্থলী হিচাপে পৰিচিত বদ্ৰীনাথৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰৰ পুৰাণ প্ৰসিদ্ধ সৰস্বতী নদীৰ পাৰতে আছে মানা গাঁও৷ দেশ-বিদেশৰ পৰ্যটকক সদায় যেন ৰিঙিয়াই মাতে মানা’ই ৷ উল্লেখ্য যে হিমালয়ৰ বুকুত সগৌৰৱেৰে জিলিকি থকা মানা গাঁৱতে আছে ব্যাস নামৰ বিশেষ গুহাটো ৷পৌৰাণিক তথ্য অনুসৰি এই গুহাতে ঋষি ব্যাসদেৱে বসবাস কৰিছিল৷ ইয়াতে তেওঁ বিশ্ববিখ্যাত’ মহাভাৰত’ খন ৰছনা কৰিছিল ৷ আনহাতে এই গাৱঁৰ কাষতে থকা সৰস্বতী নদীখন পাৰ হ’বলৈ ভীমে নিৰ্মাণ কৰিছিল শিলৰ সেঁতু ৷ সিখন আজিও সজীৱ হৈ আছে ৷

এই পুৰাণ প্ৰসিদ্ধ বিশেষ গাঁও ‘মানা’ৰ বুকুত শুক্ৰবাৰে উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে গাঁওখনত পদাৰ্পণ কৰাৰ পূৰ্বে দৰ্শন কৰিব বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ ৷ ইতিমধ্যে দেশৰ শেষৰ গাঁও সজাই পৰাই তুলিছে চামেলী জিলা প্ৰশাসনে ৷একেদৰে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতিলক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ স্থানীয় লোক সকলৰ মতে,শুক্ৰবাৰে মানাত পদাৰ্পণ কৰাৰ পিছত প্ৰধা মোদীয়ে উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version