UK PM LIZ TRUSS RESIGNS AFTER  45 DAYS IN OFFICE : শাসন গাদীত বহা ৪৫ দিনৰ পিছত পদত্যাগ ব্রিটিশ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ

WhatsApp Image 2022 10 20 at 18.58.40

UK PM LIZ TRUSS RESIGNS AFTER  45 DAYS IN OFFICE : অৱশেষত ৪৫ দিনৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী লিজা ট্ৰাছে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰে পৰা বিভিন্ন জনবিৰোধী কাৰ্যৰ বাবে নিজ দল কনজাৰভেটিভ পার্টিৰ অপ্ৰিয়ভাজন হৈছিল ট্ৰাছ ৷আনহাতে তেওঁৰ স’তে মতৰ অমিল হোৱাৰ বাবে বুধবাৰে পদত্যাগ কৰিছিল গৃহসচিব ব্ৰেভাৰমান সুৱেলাই ৷ আনহাতে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী গৰাকীয়ে বিত্তসচিব কোৱাছি কোৱাৰটেংকেক বৰ্খাস্ত কৰিছিল ৷

কিছু সপ্তাহৰ ভিতৰতে চৰকাৰৰ দুই গুৰুত্বপূর্ণ সদস্যৰ পদত্যাগৰ ফলত ট্রাছ চৰকাৰৰ পৰিস্থিতি নাজল-নাথল অৱস্থা হৈ পৰে৷ এনে ঘটনাক্ৰমৰ মাজতে আজি বিয়লী প্ৰধানমন্ত্ৰী ট্ৰাছে পদত্যাগ কৰে ৷

শেহতীয়া খবৰ অনুসৰি কনজাৰভেটিভ পার্টিৰ প্রধানমন্ত্রী পদপ্রার্থী হোৱাৰ দৌৰত ঋষি ছুনকৰ নাম পুনৰ উদ্থাপিত হৈছে ৷ছুনকক সমৰ্থন দিছে সদ্য পদত্যাগি ট্ৰাছ মন্ত্ৰীসভাৰ সদস্য ব্ৰেভাৰমান সুৱেলা, কোৱাছি কোৱাৰটেংক আৰু বর্তমানৰ বিত্তমন্ত্রী জেৰেমি হান্টে৷একেদৰে কনজাৰভেটিভ পার্টিৰ কেইবাগৰাকী শীৰ্ষ নেতাও ছুনকক সমৰ্থন দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Exit mobile version