100 Million Covishield expired : ১০ কোটি ক’ভিশ্বিল্ড টিকা নষ্ট ! উদ্বেগ পুণেৱালাৰ

WhatsApp Image 2022 10 21 at 13.51.01

Indian billionaire businessman

100 Million Covishield expired :

গুদামত পৰি আছে কোটি কোটি ক’ভিশ্বিল্ডৰ (Covishield) টিকা । ইয়াৰ ভিতৰত ম্যাদ উকলা কিছু টিকা ইতিমধ্যে বাতিল হৈছে । কিছু বাতিল হোৱাৰ ওচৰা-ওচৰি । টিকাৰ চাহিদা কমাত প্রায় ১০ কোটি ক’ভিশ্বিল্ড টিকা পেলাই দিবলৈ বাধ্য হ’ল এই টিকা প্রস্তুতকাৰী সংস্থাই । বৃহস্পতিবাৰে জনালে সংস্থাৰ চিইঅ’ আদৰ পুণাৱালাই (Adar Poonawalla) ।

বিগত বছৰৰ ডিচেম্বৰত বন্ধ কৰা হয় কৰ’নাৰ টিকা ক’ভিশ্বিল্ডৰ উৎপাদন । টিকাৰ চাহিদা কমাৰ ফলতেই এই সিদ্ধান্ত লৈছিল এই সংস্থাই । কিন্তু বুষ্টাৰ টিকা লোৱাৰ প্রতি মানুহৰ অনীহাৰ বাবে সহস্ৰাধিক টিকা বাকচবন্দী হৈয়ে আছে । ম্যাদ উকলাৰ বাবে এই টিকাবোৰ এতিয়া ব্যৱহাৰৰ অযোগ্য ।

Serum Institute Of India

বৃহস্পতিবাৰে পুনেৰ এটা অনুষ্ঠানত পুণাৱালাই কয়, ‘‘২০২১ৰ ডিচেম্বৰৰ পৰা, আমি ক’ভিশ্বিল্ডৰ উৎপাদন বন্ধ কৰি দিছো । বুষ্টাৰ টিকাৰ চাহিদা নাই । মানুহ এতিয়া ক’ভিডক লৈ বিৰক্ত । সঁচা ক’বলৈ গ’লে, আমিও বিৰক্ত । ১০ কোটি ক’ভিশ্বিল্ড টিকা ইতিমধ্যে নষ্ট হৈ গৈছে ।’’

প্রসংগত, ২০২০ৰ মার্চত সমগ্ৰ বিশ্বত সংক্রামক কৰ’না ভাইৰাছৰ প্ৰকোপ আৰম্ভ হৈছিল । তাৰ পাছৰ পৰাই পৃথিৱীৰ ৰূপ সলনি হৈ গৈছিল । কৰ’নাই লাহে লাহে অতিমাৰিৰ ৰূপ লোৱাৰ পাছত, ইয়াৰ আক্রমণত বিশ্বজুৰি এই পর্যন্ত প্রায় ৭০ লাখ লোকৰ মৃত্যু হৈছে । ভাৰতেও কৰ’নাৰ প্ৰকোপৰ পৰা ৰক্ষা নাপায় । কৰ’নাৰ পৰা ৰেহাই পাবৰ বাবে এসময়ত দেশবাসীয়ে ভৰসা কৰিছিল টিকাৰ ওপৰতেই ।

আনকি, টিকাৰ বাবে এসময়ত মানুহৰ মাজত হাহাকাৰো লাগিছিল । পর্যাপ্ত টিকা হাতত অহাৰ পাছত দেশবাসীক এটা এটাকৈ দুটা টিকা দিয়া হৈছে । অৱশ্যে, দুটা টিকা লোৱাৰ পাছত বুষ্টাৰ টিকা লোৱাৰ প্রতি মানুহৰ যি অনীহা আৰম্ভ হৈছে, সেয়া এই টিকা নষ্ট হোৱা ঘটনাৰ পৰা স্পষ্ট ।

Exit mobile version