BANGLADESH JATIYA PRESS CLUB ESTABLISHED DAY PROGRAMME:ঢাকাত স্থিত জাতীয় প্রেছ ক্লাবৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত

বিশিষ্ট অতিথি ৰূপে উপস্থিত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠক

WhatsApp Image 2022 10 21 at 12.29.02 1

BANGLADESH JATIYA PRESS CLUB ESTABLISHED DAY PROGRAMME: প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত স্থিত জাতীয় প্রেছ ক্লাবৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বাংলাদেশৰ স্বাধীনতা উপলক্ষে আজি জাতীয় প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত এক সভাত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি গীতাৰ্থ পাঠকে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি তেওঁৰ ভাষণত কয় যে দুয়োখন দেশৰ মাজত সুসম্পৰ্ক স্থাপনৰ বাবে দুয়োখন দেশৰ সাংবাদিক সকলে আগভাগ লবলৈ আগবাঢ়ি অহা উচিত ।

দুয়োখন দেশৰ জনসাধাৰণৰ মাজত অধিক মতামত বিনিম়য়ৰ ব্যবস্থা কৰিব লাগে আৰু আন্তৰ্জাতিক convention তথা চুক্তি আদিৰ আধাৰত বিবদমান বিষয়বোৰ সমাধান কৰিব লাগে। সভাত ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে বাংলাদেশৰ সাংসদ তথা সংসদৰ অধ্যক্ষ শিৰিন শামিন চৌধুৰীয়ে ভাৰ্চুৱেলী সভাখনত যোগদান কৰে । তেওঁ ভাৰত- বাংলাদেশ সম্পৰ্ক শক্তিশলী কৰাৰ ওপৰত গুৰুত্ব দি কয় যে দুয়োখন দেশৰ মাজত থকা বিবদমান বিষয়বোৰ আলোচনা আৰু এৰাধৰৰ মাজেৰে সমাধান কৰিব লাগে। সভাত Daily Star কাকতৰ সম্পাদক মহফুজ আনামও বক্তব্য ৰাখে । অনুষ্ঠানত সভাপতিত্ব কৰে জাতীয় প্ৰেছ ক্লাবৰ সভানেত্ৰী ফাৰিদা ইয়াস্মিনে।

Exit mobile version