What’s beauty sleep : জীৱনচৰ্যা’ বিউটি শ্লিপ কি ? সৌন্দৰ্য চৰ্চাত ইয়াৰ প্ৰয়োজনীয়তা কিমান ?

portrait of young woman with sleep mask in bed royalty free image 1074270536 1557776300

Beauty Sleep

What’s beauty sleep :

স্বাস্থ্য ভালে ৰাখিবলৈ পৰ্যাপ্ত টোপনি খুবেই আৱশ্যক । ই কেৱল স্বাস্থ্য ভালে ৰখাই নহয়, পৰ্যাপ্ত টোপনিয়ে ছালৰো উজ্জ্বলতা বৃদ্ধি কৰে । শৰীৰৰ সকলো সঠিক ৰূপে পৰিচালিত কৰিবলৈ এজন মানুহে কমেও সাত ৰ পৰা ন ঘণ্টা পৰ্যন্ত টোপনি যোৱা উচিত । এই পৰ্যাপ্ত টোপনিকেই ‘ বিউটি শ্লিপ’ বুলি কোৱা হয় ।

এই পৰ্যাপ্ত টোপনিয়ে শৰীৰত সজীৱতা অনাৰ লগে লগে ছালৰো সজীৱতা অনাত সহায় কৰে । আচলতে শোৱাৰ সময়ত মানুহৰ শৰীৰৰ অংগ সমূহে কাম কৰিবলৈ আৰম্ভ কৰে । টোপনিৰ সময়তে মানুহৰ বিভিন্ন ধৰণৰ হৰম’ন নি:সৰণ হয় । টোপনিৰ বিভিন্ন পৰ্যায়ত আমাৰ শৰীৰৰ কোষসমূহে নিজৰ-নিজৰ কাৰ্যসমূহৰ লগতে ছালৰো মেৰামতিৰ কাম আৰম্ভ কৰে।

ফ্ৰি ৰেডিকেলাছে আমাৰ শৰীৰৰ ছালৰ মাৰাত্মক ক্ষতি কৰে । ইয়াৰ পৰা বাচিবলৈ একমাত্ৰ টোপনিয়েই হৈছে মুখ্য উপায় ।

wellbeing

ইয়াৰোপৰি টোপনিৰ সময়ত মানুহৰ শৰীৰৰ কাৰ্টিছেল, মেলাটোনিন বাঢ়ি যোৱাত হৰম’নৰ নি:সৰণ হয় আৰু টোপনিৰ প্ৰতিটো সময়ত ই শৰীৰৰ বাবে কাম কৰি যায় । এটা কথা মনত ৰখা দৰকাৰ যে, টোপনিৰ অভাৱে মাৰাত্মক ৰোগকো আমন্ত্ৰণ জনাব পাৰে । বিশেষকৈ টোপনিৰ অভাৱে মানুহৰ স্মৃতিশক্তি দুৰ্বল কৰে । মানসিক অৱসাদে আপোনাক যিকোনো সিদ্ধান্ত লোৱাত সমস্যাৰ সৃষ্টি কৰিব ।

older-person-sleeping

২০২১ চনৰ এটা সমীক্ষাত প্ৰকাশ যে, ৫০ ৰ পৰা ৬০ বছৰৰ ব্যক্তিৰ কমেও ছয় ঘণ্টা শোৱাতো দৰকাৰ । অন্যথা স্মৃতিশক্তি লোপ পোৱাৰ সম্ভাৱনা প্ৰচুৰ । আমি জনা উচিত যে, টোপনিৰ অভাৱে মানুহৰ ওজন বঢ়োৱাৰ লগতে শৰীৰত জটিল ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।

গতিকে টোপনি যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল, লেপটপ , টেলিভিছন বন্ধ কৰিব লাগে । যিহেতু এই আসক্তিয়েও মানুহৰ টোপনিত ব্যাঘাত জন্মায় ।
বি:দ্ৰ: ওপৰোক্ত লিখনীটো বিশেষজ্ঞৰ তথ্যৰ ওপৰত আধাৰিত যদিও পৰ্যাপ্ত টোপনিৰ অভাৱ হ’লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক । যিহেতু এই লক্ষণ আপোনাৰ বাবে মাৰাত্মক ৰোগৰো কাৰণ হ’ব পাৰে ।

Exit mobile version