GMC 6 ENGINEERS ARRESTED IN CM VIGILANCE CELL : জিএমচিৰ বোকা নিস্কাষনৰ বিয়াগোম কেলেংকাৰীত জড়িত আঠজনক গ্ৰেপ্তাৰ

অএছ ডি,৫ কাৰ্য্যবাহী অভিযন্তা সহ আঠজনক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

WhatsApp Image 2022 10 21 at 13.47.20

GMC 6 ENGINEERS ARRESTED IN CM VIGILANCE CELL :গুৱাহাটী পৌৰ নিগমৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত সংঘটিত হোৱা ২০ কোটি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আজি দুপৰীয়া মুখ্যমন্ত্ৰী তদাৰকী কোষে নিগমৰ এজন অএচ ডি ,৫ জন কাৰ্যবাহী অভিযন্তা,স্বচ্ছতা বিষয়া সহ আঠজনক গ্ৰেপ্তাৰ কৰে ৷

জি এমচিৰ ২০ কোটি বোকা আৰু গেলাপানী নিস্কাষন কেলেংকাৰী সন্দৰ্ভত নিগমৰ ফালৰ পৰা গোচৰ ৰজু কৰা হৈছিল চিএম ভিজিলেঞ্চত ৷ সেই অনুসৰি কেইবাবাৰো ভিজিলেঞ্চে নিগমৰ আটাইকেইটা সংমণ্ডলত মাৰাথান অভিযান চলাই জব্দ কৰিছিল বহু নথিপত্ৰ ৷ জব্দকৃত নথিপত্ৰবোৰ পৰীক্ষাৰ অন্তত আজি দুপৰীয়া চিএম ভিজিলেঞ্চে নিগমৰ অএছ ডি বাবুলাল শৰ্মা, কাৰ্যবাহী অভিযন্তা ৰমাকান্ত শইকীয়া, হিৰণ্য বৰ্মন,শংকৰ মেধি,চিত্তৰঞ্জন দত্ত, এলিন বেগম সীমান্ত জ্যোতি বৰুৱা,স্বচ্ছতা বিষয়া আছিফ আহমেদ আৰু দিনছান গ্ল’বেল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ সঞ্চালক দিনেশ জয়ছোৱালক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে ৷

আনহাতে কেলেংকাৰীৰ স’তে জড়িত থকা নিগমৰ অৱসৰ প্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ ৰহমানৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দলে ৷

উল্লেখ্য জি এম চিৰ বিয়োগোম বোকা নিস্কাষনৰ কেলেংকাৰী সন্দৰ্ভত বিস্তাৰিতভাৱে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে সচকিত হৈ পৰে কতৃৰ্পক্ষ ৷ নিগমৰ সহকাৰী আয়ুক্ত জগদীশ শৰ্মাই তদন্ত কৰি ইয়াৰ ৰিপৰ্ট দাখিল কৰি চিএম ভিজিলেঞ্চত ৰজু কৰে গোচৰ ৷

Exit mobile version