Basistha Deva Sarmah Passes Away : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ দেহাৱসান

মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য

WhatsApp Image 2022 10 22 at 18.03.00

Basistha Deva Sarmah Passes Away :

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে আজি বিয়লী ৪-৫৫বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত থকা সত্ৰাধিকাৰ গৰাকীক কিছুদিন পূৰ্বে ভৰ্তি কৰা হৈছিল জি এম চি এইছত ৷ গুৰুতৰভাৱে অসুস্থ বশিষ্টদেৱ শৰ্মাক শেহতীয়াকৈ কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছিল ৷ অৱশেষত আজি বিয়লীভাগত ৮৪ বছৰ বয়সত মৃত্যু হয় বুঢ়া সত্ৰীয়া গৰাকীৰ ৷

১৯৩৮ চনৰ ১ এপ্ৰিলত সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰিছিল বশিষ্ঠ দেৱশৰ্মাই । তেখেত এগৰাকী শিক্ষকো আছিলে । বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে তেখেতে যোগদান কৰি পৰৱৰ্তী সময়ত জিলাখনৰে সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

পৰৱৰ্তী সময়ত বৰপেটা সত্ৰৰ স’তে ওতপ্ৰোতভাবে জয়িত থাকি ২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে নিৰ্বাচিত হৈ নিষ্ঠা আৰু সততাৰে মৃত্যুৰ আগমূহুৰ্তলৈকে ১৪ বছৰ কাল সেই পদতে অধিষ্ঠিত হৈ আছিলে । এগৰাকী জনপ্ৰিয় হোলী গীতৰ গায়ক হিচাপে সমগ্ৰ অসমত পৰিচিত আছিল ৷ ২০১৭ বৰ্ষত শংকৰদেৱ বঁটাৰে সন্মানিত কৰা হৈছিল বুঢ়াসত্ৰীয়া গৰাকীক।

ইতিমধ্যে তেখেতৰ নশ্বৰদেহ বৰপেটালৈ লৈ যোৱা হ’ব আৰু তাতেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালে সদৰি কৰিছে । বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোকপ্ৰকাশ কৰি কয় মহাপুৰুষ দুজনাৰ একান্ত অনুগামী বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা আছিল এক অনুষ্ঠান সদৃশ ৷ তেখেতৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব ৷

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক গৰাকীৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বুঢ়া সত্ৰীয়া গৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীজনে ৷

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সৰ্বানন্দ সোনোৱালেও বুঢ়া সত্ৰীয়া গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷

Exit mobile version