Meghalaya High Court : কয়লা চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ

১৪ নৱেম্বৰৰ দিন ধাৰ্য আদালতৰ

WhatsApp Image 2022 10 22 at 15.20.58 1

Meghalaya High Court :

ভুৱা চালান আৰু নথিৰে অবৈধভাৱে খনন কৰা কয়লা ৰাজ্যৰ বাহিৰলৈ চোৰাংকৈ সৰবৰাহ হৈ থকা এক গোচৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে মেঘালয় উচ্চ ন্যায়ালয়ে ৷

মেঘালয়ৰ চম্পাৰ এম চাংমা আৰু মাইকেল টি চাংমাই দাখিল কৰা আবেদনখনত দাবী কৰে যে মেঘালয়ত অবৈধভাৱে খনন কৰা কয়লা অসমলৈ চোৰাংকৈ সৰবৰাহ কৰাৰ লগত সংগোপনে মেঘালয়ৰ মাজেদি বাংলাদেশলৈ ৰপ্তানিৰ হয় । উচ্চ ন্যায়ালয়ত তেওঁলোকৰ দাখিল কৰা আবেদনৰ ওপৰত শুনানি লৈ অসম চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰে ৷

উচ্চ ন্যায়ালয়ে কয়, “ওপৰত লিপিবদ্ধ কৰা অনুসৰি আৱেদনকাৰীসকলৰ অভিযোগৰ কোনো ভিত্তি থাকিব পাৰে নেকি সেই সন্দৰ্ভত প্ৰাথমিক তদন্ত কৰাৰ পিছত অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে । অসম চৰকাৰৰ পৰা শপতনামা বা প্ৰতিবেদনৰ দাখিলৰ বাবে পৰৱৰ্তী দিন ধাৰ্য্য কৰা হয় ১৪ নৱেম্বৰ ৷

Exit mobile version