Amitabh Bachchan :
শ্বুটিং চলাকালীন ধাতৱ সঁজুলি পৰি আহত হ’ল বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন । তেওঁৰ বাওঁ ভৰিত আঘাত লাগিছে । ধাতৱ সঁজুলি পৰি সিৰ কাটিছে ছেহেনছাহৰ । তেওঁক দ্রুত হাস্পাতালত ভর্তি কৰোৱা হয় । হাস্পাতালত তেওঁৰ ক্ষত ছিলাই কৰা হৈছে । সম্প্ৰতি বিশ্রামত থকাৰ পৰামর্শ দিয়া হৈছে বিগ বিক ।
ভৰিত আঘাত পোৱাৰ কথা ব্লগত জনাইছে অভিনেতাজনে । ‘কৌন বনেগা কৰৌৰপতি ১৪’-ৰ শ্বুটিং কৰাৰ সময়ত এটা ধাতৱ সঁজুলি পৰে । ফলত বাওঁ ভৰিত আঘাত পাইছে অভিনেতাজনে । ব্লগত মেগাষ্টাৰে লিখিছে, বাওঁ ভৰিত আঘাত লাগি সিৰ কাটি গৈছে তেওঁৰ । তেজ ওলায় । অৱশ্যে তেওঁ যে ভয় কৰা নাই, সেই কথাও লিখিছেন বিগ বিয়ে ।
লিখিছে, ‘‘সিৰ কাটি তেওঁ ওলাইছিল । চিকিৎসকসকলে অ’টিত নি ষ্টিচ কৰিলে । তেতিয়াও স্থিৰ আছিলো ।’’ সম্প্ৰতি তেওঁক খোজনাকাঢ়িবলৈ উপদেশ দিছে চিকিৎসকসকলে ।
স্বাভাৱিকভাৱেই এই খবৰ বিয়পি পৰাৰ পাছতেই উদ্বিগ্ন তেওঁৰ অনুগামীসকল । অৱশ্যে অনুগামীসকলক উদ্দেশ্যি অমিতাভে জনাইছে, তেওঁ বর্তমান সুস্থ আছে ।
যোৱা ১১ অক্টোবৰত ৮০ বছৰত ভৰি দিছে ভাৰতীয় চলচ্চিত্রৰ এই কিংবদন্তী অভিনেতাগৰাকীয়ে । জন্মদিন উপলক্ষে কেবিচিৰ বিশেষ পর্বত উপস্থিত হৈছিল অমিতাভ-পত্নী তথা অভিনেত্রী জয়া বচ্চন আৰু পুত্র অভিষেক বচ্চন ।
অহা ১১ নৱেম্বৰত মুক্তি পাব তেওঁৰ নতুন ছবি ‘উঁচাই’ । এই ছবিত অমিতাভৰ চৰিত্রৰ নাম অমিত শ্রীবাস্তৱ । প’ষ্টাৰৰ ছবি প’ষ্ট কৰি বিগ বিয়ে লিখিছিল, ‘‘ৰাজশ্রী ফিল্মছৰ বিশেষ ছবি… ১১ নৱেম্বৰচ উঁচাইত অমিত শ্রীবাস্তৱৰূপে মোক চাওক । সুৰজ বৰজাতিয়াৰ এই ছবি বন্ধুত্ব আৰু জীৱন উদ্যাপনক লৈ আধাৰিত ।’’