DA increased : ৰাজ্যিক বিষয়া-কৰ্মচাৰীৰ মৰগীয়া বানচ চাৰি শতাংশ বৃদ্ধি

ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ দীপাৱলীৰ উপহাৰ

Screenshot 437

DA increased :

উৎসৱৰ বতৰত ৰাজ্যবাসীলৈ সুখবৰ । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰীৰ মৰগীয়া বানচ চাৰি শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । এই বৃদ্ধি ২০২২ৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব ।

চলিত মাহৰ দৰমহাসহ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চন লাভ কৰোতাসকলেও এই বৰ্দ্ধিত মৰগীয়া বানচ লাভ কৰিব ।

মুখ্যমন্ত্ৰী ড° শৰ্মাই চাৰি শতাংশ মৰগীয়া বানচ বৃদ্ধিয়ে উৎসৱৰ এই সময়ছোৱা অধিক আনন্দময় কৰি তুলিব বালি আশা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩৪ শতাংশ মৰগীয়া বানচ লাভ কৰি আহিছিল ।

চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নতুন নিৰিখমৰ্মে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে ৩৮ শতাংশ মৰগীয়া বানচ লাভ কৰিব ।

Exit mobile version