Viral Video : ষ্টেছনত ৰৈ থকা ৰে’লৰ শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ গৈ বিপদত পৰিল মহিলা

1666534745 rpf

Viral Video :

চলন্ত ৰে’লৰ পৰা নামিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা । অৱশ্যে ৰে’ল আৰক্ষীৰ তৎপৰতাত প্রাণ ৰক্ষা পৰিল । সেই মুহূর্তৰ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত ।

মহিলাগৰাকীক সোধপোচ কৰি আৰক্ষীয়ে জনাইছে, তেওঁ ৰে’লৰ শৌচাগাৰ ব্যৱহার কৰিব বিচাৰিছিল । সেয়ে ৰে’লখন ৰখাৰ সময়ত, শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ তেওঁ ৰে’লত উঠিছিল । কিন্তু কিছু সময়ৰ ভিতৰতে ৰে’ল এৰি দিয়ে । দ্রুত সেই ৰে’লৰ পৰা নামিবলৈ গৈ এই বিপত্তি ।

ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মুজাফফৰপুৰ ষ্টেছনত । কালি তাতেই চলন্ত ৰে’লৰ পৰা নমাৰ চেষ্টা কৰিছিল মহিলাগৰাকী । ষ্টেছনৰ চিচিটিভি ফুটেজত দেখা গৈছে সেই ভয়াৱহ মুহূর্তৰ ছবি । যি দেখি সকলোৰে গা শিয়ঁৰি গৈছে । ৰে’ল আৰক্ষীৰ তৰফৰ পৰা ভিডিঅ’টো সামাজিক মাধ্যমত প’ষ্ট কৰা হৈছে ।

ভিডিঅ’ত দেখা গৈছে, ষ্টেছনৰ পৰা ৰে’লখন এৰাৰ সময়তে নামিবৰ বাবে ভৰি দিছিল মহিলাগৰাকী । কিন্তু ভৰিৰ লগত শৰীৰৰ ভাৰসাম্য ৰখাব নোৱাৰিলে ।

লগে লগে ঘটনাস্থলত উপস্থিত হৈ আৰপিএফৰ বিষয়াসকলে মহিলাগৰাকীৰ দিশে লৰি যায় আৰু কোনোমতে তেওঁক টানি ধৰে । সামান্য পলম হ’লেই মহিলাগৰাকী সম্পূৰ্ণ ৰে’লৰ তলত পৰিল হয় । তাৰ পাছত তেওঁক ৰক্ষা কৰা সম্ভৱ নহ’ল হয় । মহিলাগৰাকীক উদ্ধাৰ কৰি দ্রুত হাস্পাতালত প্ৰেৰণ কৰে ৰে’ল আৰক্ষীয়ে ।

Exit mobile version