Basistha Dev Sarma : পঞ্চভূতত বিলীন বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পাৰ্থিৱ শৰীৰ

শোকাকুল পৰিবেশৰ মাজত শেষ বিদায় , শেষকৃত্যত উপস্থিত মুখ্যমন্ত্ৰী

WhatsApp Image 2022 10 24 at 13.59.21 1

Basistha Dev Sarma :

পঞ্চভূতত বিলীন বশিষ্ঠ দেৱশৰ্মাৰ পাৰ্থিৱ শৰীৰ |  শোকাকুল পৰিবেশৰ মাজত শেষ বিদায় বুঢ়াসত্ৰীয়াক | অসম জাতীয় জীৱনৰ অন্যতম অংগ বৰপেটা সত্ৰৰ পিতামহ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য আজি  সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় |

গুৰুদুজনাৰ সৃষ্টি সত্ৰীয়া পৰম্পৰাৰ একনিষ্ঠ সাধক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ সত্ৰ সমূহৰ পিতামহস্বৰূপ বশিষ্ঠ দেৱশৰ্মাৰ অন্তিম যাত্ৰাত ভাগ ল’বলৈ ইতিমধ্যে দেওবাৰৰ পৰাই সত্ৰ নগৰীত উপস্থিত হৈছিল কেইবা সহস্ৰাধিক গুণমুগ্ধ |

দুখত মিয়ম্ৰাণ সত্ৰনগৰবাসীৰ সৈতে একাত্ম হৈ পিতামহ গৰাকীৰ পাৰ্থিৱ শৰীৰত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ স’তে উপস্থিত থাকে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস , শিক্ষমন্ত্ৰী ড:ৰণোজ পেগু ,স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ আব্দুল খালেক,এপি চিচিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিধায়ক ফণীধৰ তালুকদাৰ সহ বহু কেইজন বিধায়ক আৰু অসম চৰকাৰৰ জ্যেষ্ঠ আমোলা ৷

বুঢ়া সত্ৰীয়া গৰাকীৰ নশ্বৰ দেহ তেওঁৰ সুন্দৰীদিয়া বাসগৃহ পৰা আনি ৰখা হয় নহাটীৰ বৰখাল বাছ আস্থানত ৷ নশ্বৰদেহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ ভক্ত আৰু অনুগামীয়ে মহীৰূহ গৰাকীক শেষ শ্ৰদ্ধা জনায় ৷

আনহাতে বুঢ়া সত্ৰীয়া গৰাকীৰ পাৰ্থিৱ শৰীৰ পুস্পসজ্জিত বাহনত গায়ন-বায়নেৰে শোভাযাত্ৰা কৰি প্ৰথমে সত্ৰলৈ অনা হয় ৷ তাৰ পিছত সত্ৰচৌহদৰ কীৰ্তনঘৰৰ চাৰিও দিশ ঘূৰোৱাা পিছত হাৰিয়াজানৰ খটখটীৰ পূব পাৰতে সম্পন্ন কৰা হয় মহীৰূহৰ অন্ত্যেষ্টিক্ৰিয়া।

শেষকৃত্যত উপস্থিত থকা হাজাৰ হাজাৰ লোকে ‘প্ৰাণ হৰি নিলা’ ধ্বনিৰে শেষ বিদায় দিয়ে বুঢ়া সত্ৰীয়াক ৷

Exit mobile version