শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত দিখৌমুখ পাৰঘাটত বিৰাজমান অচলাৱস্থা।
Brahmaputra River Ferry Service পাৰঘাটত চলি থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ এচ ,বি – দিৰাক ,পঞ্জীয়ন নম্বৰ ১৫৬ যাত্ৰীবাহী ফেৰী খন বিগত ৫ মাহে বিকল হৈ পৰি থকাত যাত্ৰীয়ে সীমাহীন দুৰ্ভোগ ভুগিব লগা হৈছে ।
ব্ৰক্ষ্মপুত্ৰ নদীৰ উক্ত পাৰঘাটেৰে নিতৌ শ শ যাত্ৰী পাৰা পাৰ হয় যদিও যোৱা ৫ মাহে বিভাগীয় যাত্ৰীবাহী ফেৰীখন বিকল হৈ থকাৰ পৰিণতিত কেৱল পাৰঘাটটোত নিয়োজিত লেচীৰ এখন মাত্ৰ ফেৰীহে চলি আছে ।
ফেৰীখনৰ বাবে পাৰঘাটত যাত্ৰী সকলে দুই তিনি ঘণ্টা পৰ্যন্ত বোন্দাপৰ দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
এই পাৰঘাটতো চৰকাৰী কৰ্মচাৰী , ব্যৱসায়ীৰ উপৰি সাধাৰণ যাত্ৰীৰ বাবে অতি গুৰুত্ব পূৰ্ণ ।
পাৰঘাটতোত নিয়োজিত বিষয়াৰ দীৰ্ঘদিনীয়া হেমাহি আৰু অনিয়মীয়া উপস্থিতিয়ে পাৰঘাটটোৰ অচলাৱস্থা অধিক জটিল কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে ।
ফলত পাৰঘাটটোৰ পৰা চৰকাৰে বুজন পৰিমানৰ ৰাজহ হেৰুৱাব লগা বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
স্মৰ্তব্য যে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত পাৰঘাটটোৰ সতে জড়িত হৈ আছে দিখৌমুখ , ফুলনী , শালমৰা আৰু দিখৌমুখ ,মামল , চিকাৰী,আদি ৬টাকৈ (ষ্ট’পেজত )আস্থান |
সংশ্লিষ্ট আস্থানত নিয়োজিত প্ৰায় ১৩০ গৰাকী কৰ্মচাৰীয়ে বিগত ৫ মাহে শুই বহিয়েই দা দৰমহা লৈ আছে ।