Ferry Service in Brahmaputra River দিখৌমুখ পাৰঘাটত ৫ মাহে বিকল হৈ পৰি আছে যাত্ৰীবাহী ফেৰী

 শ শ যাত্ৰীৰ সীমাহীন দুৰ্ভোগ  এখন মাত্ৰ ফেৰীহে চলি আছে

Ferry Service in Brahmaputra River

Ferry Service in Brahmaputra River

শিৱসাগৰ জিলাৰ আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত দিখৌমুখ পাৰঘাটত বিৰাজমান অচলাৱস্থা।

Brahmaputra River  Ferry Service পাৰঘাটত চলি থকা  আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ এচ ,বি – দিৰাক ,পঞ্জীয়ন নম্বৰ ১৫৬ যাত্ৰীবাহী ফেৰী খন বিগত  ৫ মাহে বিকল হৈ পৰি থকাত যাত্ৰীয়ে সীমাহীন দুৰ্ভোগ ভুগিব লগা হৈছে ।

ব্ৰক্ষ্মপুত্ৰ নদীৰ উক্ত পাৰঘাটেৰে নিতৌ  শ শ যাত্ৰী  পাৰা পাৰ হয় যদিও যোৱা ৫ মাহে বিভাগীয় যাত্ৰীবাহী ফেৰীখন বিকল হৈ থকাৰ পৰিণতিত কেৱল পাৰঘাটটোত নিয়োজিত লেচীৰ এখন মাত্ৰ ফেৰীহে চলি আছে ।

ফেৰীখনৰ বাবে পাৰঘাটত যাত্ৰী সকলে দুই তিনি ঘণ্টা পৰ্যন্ত বোন্দাপৰ দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

এই পাৰঘাটতো চৰকাৰী কৰ্মচাৰী , ব্যৱসায়ীৰ উপৰি সাধাৰণ যাত্ৰীৰ বাবে অতি গুৰুত্ব পূৰ্ণ ।

পাৰঘাটতোত নিয়োজিত বিষয়াৰ দীৰ্ঘদিনীয়া হেমাহি আৰু অনিয়মীয়া উপস্থিতিয়ে পাৰঘাটটোৰ অচলাৱস্থা অধিক  জটিল কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে ।

ফলত পাৰঘাটটোৰ পৰা চৰকাৰে বুজন পৰিমানৰ ৰাজহ হেৰুৱাব লগা বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

স্মৰ্তব্য যে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত পাৰঘাটটোৰ সতে জড়িত হৈ আছে  দিখৌমুখ , ফুলনী , শালমৰা আৰু দিখৌমুখ ,মামল , চিকাৰী,আদি ৬টাকৈ (ষ্ট’পেজত )আস্থান |

সংশ্লিষ্ট আস্থানত  নিয়োজিত প্ৰায় ১৩০ গৰাকী কৰ্মচাৰীয়ে বিগত ৫ মাহে শুই বহিয়েই  দা দৰমহা লৈ আছে ।

Exit mobile version