Fire breaks out in Guwahati : মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড

জুইত ভস্মীভূত কেইবালাখ টকাৰ সা- সামগ্ৰী

WhatsApp Image 2022 10 24 at 14.01.59

Fire breaks out in Guwahati :

পুৱাৰে পৰা দি থকা কিনকিনিয়া বৰষুণৰ মাজতে মহানগৰ বাসীৰে আজি উদযাপন কৰিব দীপান্বিতা আৰু কালী পূজা ৷ দীপাৱলীৰ এনে আনন্দ উছাহৰ ৰ মাজতে উজানবজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ।

উজানবজাৰৰ উগ্ৰতাৰা মন্দিৰৰ সমীপস্থ যোৰ পুখুৰীপাৰতে থকা মিহিৰ বৰদলৈ বাসগৃহৰ ২নং মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । যোৱা ছমাহদিন ধৰি ওপৰৰ মহলাটো বন্ধ হৈ আছিল ৷

কাৰ্তিক নন্দী নামৰ ভাড়াতীয়া জনে দুবছৰ পূৰ্বে উল্লিখিত মহলাটো লৈছিল ভাড়াত ৷অগ্নিকাণ্ডৰ পিছতে অগ্নি নিবাৰ্পকৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘন্টা যোৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জুইত জাহ কেইবালাখ মূল্যৰ সা- সামগ্ৰী৷

অগ্নিকাণ্ডৰ সুত্ৰপাত কেনেকৈ হ’ল এই সম্পৰ্কত লতাশিল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version