Jeetendra : কিয় হেমামালিনীক এৰি দীৰ্ঘদিনৰ প্ৰেমিকাক বিয়া কৰাইছিল জিতেন্দ্ৰই ?

জানক ইয়াৰ প্ৰকৃত কাৰণ

WhatsApp Image 2022 10 24 at 16.23.51 2

Jeetendra :

জিতেন্দ্ৰ কাপুৰ বলীউড ইণ্ডাষ্টিৰ অন্যতম জনপ্ৰিয় অভিনেতা । বলীউডত খোজ পেলোৱা দিন ধৰি নিজৰ জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম হোৱা অভিনেতাজনে অভিনয় জীৱনৰ শীৰ্ষবিন্দুত উপণীত হোৱাৰ সময়তো কিন্তু নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকাক বিয়া কৰাইছিল ।

যিটো সময়ত অভিনেতাজনৰ কাষ চাপিবলৈ বহু জনপ্ৰিয় অভিনেত্ৰীয়ে আশা কৰিছিল । এই কথা সকলোৱে জানিছিল যে কেৰিয়াৰৰ শীৰ্ষবিন্দুত থকা সময়ত অভিনেতাজন ড্ৰীম গাৰ্ল হেমামালিনী , জয়াপ্ৰদা, ৰেখাৰ সৈতে সান্নিধ্যত আছিল ।

আনকি সেইসময়ত এইকথাও প্ৰচাৰ হৈছিল যে হেমামালিনীৰ সৈতে অভিনেতাজন বিবাহপাশত আৱদ্ধ হ’ব । কিন্তু শেষত মোহময়ী অভিনেত্ৰীগৰাকীয়ে ধৰ্মেন্দ্ৰৰ সৈতে বিয়াত বহে আৰু দুয়োৰে সম্পৰ্ক সেইসময়তে অন্ত পৰে ।

ইয়াৰপিছতে জিতেন্দ্ৰই ১৯৭৪ চনত শৈশৱৰ প্ৰেমিকা শোভা কাপুৰৰ লগত বিবাহপাশত আৱদ্ধ হয় । উল্লেখ্য যে বৰ্তমানেও দুয়োৰে সম্পৰ্ক অটুট আছে । শোভা কাপুৰৰ বয়স যেতিয়া ১৪ বছৰ আছিল , সেই সময়ৰ পৰাই দুয়ো দুয়োকে চিনি পাইছিল । সমান্তৰালকৈ যিসময়ত জিতেন্দ্ৰই অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল , সেই সময়তো দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল ।

জিতেন্দ্ৰৰ বহু সময়ত বিভিন্ন অভিনেত্ৰীৰ লগত সম্পৰ্ক থকাৰ কথা প্ৰচাৰ হোৱাৰ পিছতো তেওঁলোকৰ সম্পৰ্কত কোনোধৰণ]ৰ বাধা অহা নাছিল । এনে গভীৰ বিশ্বাসৰ বাবেই শেষপৰ্যন্ত এই সম্পৰ্কই বিয়াৰ পূৰ্ণতা পাইছিল ।

বৰ্তমান অভিনেতাজনে ডাঙৰ পৰ্দাৰ পৰা আতৰি আছে যদিও তেওঁলোকৰ দুই সন্তান একতা কাপুৰ আৰু তুষাৰ কাপোৰে বলীউডত কাম কৰি আছে । হিন্দী ধাৰাবাহিকৰ প্ৰযোজক ৰূপে একতা কাপুৰে নিজৰ স্থিতি পুৰামাত্ৰাই ধৰি ৰাখিবলৈ সক্ষম হৈছে । বৰ্তমান একতাক ভাৰতৰ টেলিভিছন জগতৰ একছত্ৰী সম্ৰাজ্ঞী বুলি কলেও অত্যুক্তি কৰা নহ’ব ।

সমান্তৰালকৈ তুষাৰ কাপুৰেও পিতৃৰ পদাংক অনুকৰণ কৰি বলীউড ইণ্ডাষ্টিত নিজৰ খোপনি পুতিবলৈ সক্ষম হৈছে । উল্লেখ্য যে জিতেন্দ্ৰৰ নিজৰ এটা প্ৰডাকশ্যন হাউচ আছে । ‘’বালাজি টেলিফিল্ম ‘’ নামৰ এই প্ৰডাকশ্যন হাউচৰ পৰাই বিভিন্ন ধাৰাবাহিক , চিনেমা নিৰ্মাণ কৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে জিতেন্দ্ৰৰ কন্যা একতা আৰু তুষাৰে ।

Exit mobile version