Shopping in USA : শ্বপিং মলৰ গোপন কোঠাত চাৰি বছৰ ধৰি বাস কৰিছিল এইজন যুৱকে

কিন্তু কিদৰে সকলোৰে চকুত ধুলি দি দিন কটাইছিল ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 10 24 at 18.49.09

Shopping in USA :

আমেৰিকাৰ ৰোড আইলেণ্ডৰ বাসিন্দা মাইকেল টাউনচেণ্ডৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব । প্ৰেভিডেন্স প্লেছ মলত সুদীৰ্ঘ চাৰি বছৰ গোপনে বাস কৰি আহিছিল মাইকেলে । উল্লেখ্য যে মাইকেলৰ লগত তেওঁৰ তিনি বন্ধুও মলৰ এই গোপন কোঠাত বাস কৰিছিল ।

তথ্য অনুসৰি নিজৰ ঘৰৰ পৰা উলিয়াই দিছিল মাইকেলক । ইয়াৰপিছতে নিজৰ আশ্ৰয়স্থল বিচাৰি ঘুৰি ফুৰা মাইকেলৰ এটা বুদ্ধি খেলালে যে শ্বপিং মলৰ ভিতৰতে নিজৰ থকাৰ ব্যৱস্থা কৰিব । সকলোৰে চকুত ধুলি দি মাইকেলৰ লগত তেওঁৰ তিনি বন্ধুও থাকিবলৈ আহিল । অৱশেষত সুদীৰ্ঘ চাৰি বছৰ বে-আইনীভাৱে থকা মাইকেল আৰু তিনি বন্ধু নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে ।

ঘটনা সন্দৰ্ভত মাইকেলে কয় যে – বহু বছৰৰ পূৰ্বে মাইকেল আৰু তিনি বন্ধুৱে শ্বপিং মলৰ চৌহদত এটা ঘৰ দেখিছিল । পৰিত্যক্ত অৱস্থাত থকা ঘৰটো কোনো কামৰ বাবেই উপযুক্ত হৈ থকা নাছিল । যেতিয়া মাইকেলে থকাৰ বাবে ঠাই বিচাৰি আছিল , তেতিয়া সেই মলৰ পৰিত্যক্ত ঘৰটোলৈ গৈছিল ।

যিটো ঘৰ পূৰ্বে দেখাৰ দৰেই পৰিত্যক্ত অৱস্থাতেই পৰি আছিল । সকলোৰে চকুৰ পৰা বাচিবলৈ তেওঁ সেই ঘৰটোতে থাকিবলৈ উপযোগী কৰি তোলাৰ কথা চিন্তা কৰিলে । কোনেও যাতে তেওঁৰ এই অভিপ্ৰায় ধৰিব নোৱাৰে তাৰ ব্যৱস্থাও বৰ চতুৰতাৰে মাইকেলে সম্পন্ন কৰিলে ।

চাৰে সাতাইছ বৰ্গফুটৰ এই ঘৰটোত মাইকেলে নিজৰ প্ৰয়োজনীয় চোফা আৰু অন্যান্য সামগ্ৰীও যোগাৰ কৰি ললে । অৱশ্যে ঘৰটোত বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিব পৰা নাচিল যুৱকজনে লগতে সৰ্বসাধাৰণজনে ব্যৱহাৰ কৰা শৌচাগাৰেই তেওঁ ব্যৱহাৰ কৰিবলৈ ললে ।

বৰ্তমান অনাধিকাৰ প্ৰৱেশৰ অভিযোগত আৰক্ষীয়ে মাইকেলক গ্ৰেপ্তাৰ কৰিছে । তেওঁৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন কৰি মাইকেলে কয় যে , শ্বপিং মলৰ আভ্যন্তৰীণ পৰিবেশ উপভোগ কৰিবলৈহে তেওঁ বন্ধুৰ সৈতে ইয়াত আশ্ৰয় লৈছিল । ইতিমধ্যে শ্বপিং মল কৰ্তৃপক্ষই মাইকেলৰ প্ৰৱেশ উক্ত মলত নিষিদ্ধ কৰিছে ।

Exit mobile version