Arunachal Pradesh Nahar Lagun Fire : অৰুণাচলৰ নাহৰলগুনত বিধংসী অগ্নিকাণ্ড

জুইত জাহ গ'ল সাত শতাধিকৰো অধিক দোকান , ভস্মীভূত প্ৰায় ৫০ বাসগৃহ

WhatsApp Image 2022 10 25 at 4.33.17 PM

Arunachal Pradesh Nahar Lagun Fire :

দীপাৱলী আনন্দ উছাহৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচলত নিশা সংঘটিত হয় বিধংসী অগ্নিকাণ্ড ৷ ৰাজ্যখনৰ ৰাজধানী চহৰ খনৰ উপকন্ঠ নাহৰলাগুনৰ সদাব্যস্ত দৈনিক বজাৰত পুৱতি নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় সাতশৰো অধিক দোকানৰ লগতে প্ৰায় ৫০ টা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাঁহ যায় ৷

এই ভয়াৱহ জুই দেখি স্থানীয়লোকৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতি ৷ প্ৰথমে দুখন দোকানত লগা জুইৰে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু জুইৰ লেলিহান শিখাই পলকতে এফালৰ পৰা গিলিবলৈ ধৰে অন্য দোকান-পোহাৰ আৰু বহু বাসগৃহ।

দুঘণ্টা ধৰি অব্যাহত জুই নিৰ্বাপন কৰিবলৈ ইটানগৰ , বান্দৰদোৱা আৰু লখিমপুৰৰ পৰা অহা বহু সংখ্যক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে আজি দুপৰীয়ালৈকে উমি উমি জ্বলি আছিল কেইবাখনো দোকান ৷ ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ইটানগৰ উচ্চ পদস্থ বিষয়াবৰ্গ ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে দীপাৱলীৰ আতচবাজীৰ পৰা সংঘটিত হৈছে  বিধংসী অগ্নিকাণ্ড ৷ অৱশ্যে এই সন্দৰ্ভত নাহৰলগুন আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version