Kacha Badam Singer Bhuban Badyakar : পুনৰ তিনিটা নতুন গান লৈ হাজিৰ হ’ল কাঁচা বাদাম খ্যাত ভূৱন বাদ্যকাৰ

kacha badam bhuban badyakar

Kacha Badam Singer Bhuban Badyakar :

ৰাতিটোৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰা কাঁচা বাদামখ্যাত ভূৱন বাদ্যকাৰে পুনৰ তিনিটা নতুন গীত লৈ হাজিৰ হ’ল অনুৰাগীৰ ওচৰত । কাঁচা বাদাম গীতেৰে কেৱল নিজৰ দেশতেই নহয় বিদেশতো জনপ্ৰিয় হৈ পৰা দেখা গায়কজনৰ নতুনকৈ অহা এই গীতকেইটাক লৈ অনুৰাগী যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে ।

বীৰভূমিৰ দুৰৰাজপুৰ ব্লকৰ অন্তৰ্গত কুড়ালজুড়ি গাঁৱৰ অজপাড়া অঞ্চলৰ এইজন গায়কৰ সেই ভাইৰেল গীতটোত বহু বিদেশী চেলিব্ৰেটিও নৃত্য কৰা দেখা গৈছিল ।

কাঁচা বাদাম শীৰ্ষক গীতৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা বাদ্যকাৰৰ ইয়াৰ পিছত আৰু কোনো গীত মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈ অহা নাছিল ।

সেইলৈ বহুতে বাদ্যকাৰৰ কেৰিয়াৰৰ অন্ত পৰা বুলিও চৰ্চা আৰম্ভ কৰিছিল । কিন্তু সকলোৰে ধাৰণাক ভুল প্ৰতিপন্ন কৰি অৱশেষত দেৱালীত পুনৰ তিনিটা নতুন গীত আগবঢ়ালে বাদ্যকাৰে ।

খবৰ অনুসৰি , কালী পূজাৰ আগে আগে বাদ্যকাৰে এই তিনিটা গীত ৰেকৰ্ডিং কৰি দেৱালীৰ দিনা ৰিলিজ কৰে অনুৰাগীৰ বাবে । গায়কজনে কয় যে, বিৰতিৰ এই দীঘলীয়া সময়ছোৱাত তেওঁ গীত ৰচনা কৰোতে পাৰ কৰে । বিশেষকৈ ‘খোকাবাবুৰ খেলাঘৰ ‘ নামৰ গীতৰ কাৰণেই তেওঁ ব্যস্ত আছিল আৰু অৱশেষত তেওঁ তিনিটা গীত ৰাইজৰ মাজলৈ এৰি দিবলৈ সক্ষম হয় ।

এই তিনিটা গানৰ এটা হৈছে ‘ হয়েছে বাড়ি / হয়েছে গাড়ী / চাৰিওদিশে ক’ত সুন্দৰী / হয়েছে আমাৰ নাম । উল্লেখ্য যে , বাদ্যকাৰৰ প্ৰতিটো গীততেই বহুত সুন্দৰ সুন্দৰ কথা লিখিছে গায়কজনে । একেদৰে তেওঁ ৰাইজলৈ এৰি দিয়া অন্য এটা গীত হৈছে , ‘যতই চিবাবে ততই পাবে ৰস / ছেলে আমাৰ কাঁচা বাদাম হয়ে যাবে বস/ ছেলে আমাৰ কাঁচা বাদাম হয়ে যাবে বস।‘

ইয়াৰোপৰি বাদ্যকাৰে জনাইছে যে, প্ৰথম গানৰ দৰেই এই গীত কেইটাও সমানে জনপ্ৰিয় হ’ব । এতিয়া বাদ্যকাৰৰ এই তিনিটা গীত কিমান ভাইৰেল সেইয়া লক্ষণীয় হ’ব !

Exit mobile version