Cyclone Chitrang : ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱলীলা

ৰাজ্যৰ ৮৩ খন ৰাজহ গাঁৱৰ ১১০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত, বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত

WhatsApp Image 2022 10 26 at 3.56.47 PM

Cyclone Chitrang :

বংগোপসাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘চিত্ৰাং’ৰ ফলত মঙলবাৰে পুৱতি নিশা অসমৰ মাজেৰে পাৰ হৈ যোৱা দ্ৰতবেগী ধুমুহাই ৰাজ্যৰ ছখনকৈ জিলাত বিস্তৰ ক্ষতিসাধন কৰে ৷ কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, দৰং, কাছাৰ আৰু কামৰূপ গ্ৰাম্য জিলাত বহু ঘৰ-দুৱাৰ ভঙাৰ লগতে ব্যাপক ক্ষতিগ্ৰস্ত কৰে ৷

জিলা কেইখনৰ ১১৪৬ খন গাঁৱৰ প্ৰায় ১১৪৬ লোক ধুমুহাত ক্ষতিগ্ৰস্ত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, চিত্ৰাঙৰ ফলত ৩২৬.৫০১ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হয় ।

Impact of Cyclone Chitrang

মঙলবাৰে নিশা ঘূৰ্ণীবতাহৰ ফলত নগাঁও জিলাৰ ৰূপহীহাট, কলিয়াবৰ, বামুণী, শাকমুঠীয়া চাহ বাগিচা অঞ্চল, বৰালিগাঁওসহ বিভিন্ন ঠাইত ঘৰ-দুৱাৰ বিধস্ত হোৱাৰ লগতে অসংখ্য গছ আৰু বৈদ্যুতিক খুটাও উঘালি পৰি ব্যাহত হৈ পৰে বিদ্যুত যোগান ৷

আনহাতে চুবুৰীয়া বংগোপসাগৰ উপকুলীয় ৰাজ্য পশ্চিমবংগত ঘূৰ্ণীবতাহ ‘চিত্ৰং’ সতৰ্কতাৰ মাজতে পদক্ষিণ ২৪ পৰগণাৰ বাখলী সমুদ্ৰতীৰৰ উপকূলত জোৱাৰ সৃষ্টি হয় । যাৰ বাবে জিলা প্ৰশাসনে পৰ্যটক আৰু স্থানীয় লোকসকলক সাগৰৰ পাৰলৈ নাযাবলৈ সতৰ্ক কৰি দিছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে জনাইছে যে বাংলাদেশৰ ওপৰত গভীৰ চাপৰ সৃষ্টি কৰা ঘূৰ্ণীবতাহ “চিত্ৰং”ৰ অৱশিষ্টাংশ উত্তৰ-পূব বাংলাদেশ, আগৰতলাৰ উত্তৰ অঞ্চল আৰু উত্তৰ-পূব ৰাজ্যৰ লগতে আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ দক্ষিণ-পশ্চিমত আঘাত হনাৰ আশংকা কৰা হৈছে ।

সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কয় যে সোমবাৰ আৰু মঙলবাৰে অসম, ত্ৰিপুৰা সহ উত্তৰ- পূৰ্বাঞ্চলত বতাহ, বৰষুণ, ঢেৰেকনি দিয়াৰ কথা কোৱাৰ পিছতে দুয়োটা দিন ধাৰাসাৰ বৃষ্টিপাতে তাণ্ডৱলীলা চলোৱাৰ পিছত বুধবাৰৰ পৰা অসমত বতৰ কিছু ফৰকাল হৈছে ৷

Exit mobile version