Deori Autonomous Council Election : দেউৰী পৰিষদীয় নিৰ্বাচন তুংগত,নিৰ্বাচনী পৰ্যবেক্ষকৰ সভা

এজন প্ৰাৰ্থীয়ে আঢ়ৈ লাখৰ অধিক ধন ব্যয় কৰিব নোৱাৰিব,ধেমাজিত এখনো নহ'ল মনোনয়ন প্ৰত্যাহাৰ   

WhatsApp Image 2022 10 26 at 19.45.54

Deori Autonomous Council Election :

ৰাজ্যত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ দিন চমূ চাপি অহাৰ লগে লগে তুংগত হৈ উঠিছে নিৰ্বাচনী যুঁজ । পৰিষদটোৰ মুঠ ২২ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৮ নৱেম্বৰত। ইতিমধ্যে নিৰ্বাচনী কাম-কাজ আগবঢ়াই নিছে নিৰ্বাচনী আয়োগে ।

দেউৰী অধ্যুষিত প্ৰত্যেকখন জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী কেতবোৰ বিষয়ে । এই ক্ষেত্ৰত হ’বলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত সৰ্বাধিক আঢ়ৈ লাখ টকালৈ খৰচ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে প্ৰশাসনে।

 ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনত জিলাখনৰ পৰ্যবেক্ষকৰ দায়িত্বত নিয়োজিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে এই কথা প্ৰকাশ কৰে ।

ধেমাজি মহকুমাৰ চাৰিওটা সমষ্টিৰ প্ৰাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত প্ৰাৰ্থীসকলক নতুন একাউণ্ট খুলি সকলো নিৰ্বাচনী ব্যয় উক্ত একাউণ্টৰ পৰা কৰিবলৈ আহ্বান জনায় । তদুপৰি দৈনন্দিন খৰচৰ হিচাপ ৰখাৰ বাবে প্ৰাৰ্থীসকলক দুখনকৈ ডায়েৰীও আজিৰ সভাতে যোগান ধৰা হয় ।

সভাত নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে প্ৰাৰ্থীসকলক পৰস্পৰৰ প্ৰতি বিদ্বেষ ভাব প্ৰচাৰ তথা ব্যক্তিগত কুৎসা ৰতনাৰ দৰে কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।

প্ৰতিখন নিৰ্বাচনী সভাৰ বাবে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি গ্ৰহণ কৰিব লাগিব যাতে একে ঠাইতে দুজন প্ৰাৰ্থীয়ে একে সময়তে সভা অনুষ্ঠিত কৰিব নোৱাৰে ।

সভাত নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, সদৰ মহকুমাধিপতি নন্দিতা বৰগোহাঁই, নিৰ্বাচন বিষয়া ৰুবী ৰয় আদি উপস্থিত থাকে ।

ইফালে, কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময় উকলি যোৱাৰ পৰলৈ কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত মহকুমাটোৰ চাৰিটা সমষ্টিত ১৬ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত আগবঢ়োৱা বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে ।

Exit mobile version