Mallikarjun Kharge :
দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খৰ্গেই বুধবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি পদ ।
এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত কংগ্ৰেছৰ তদানীন্তন সভানেত্ৰী ছোনীয়া গান্ধী, শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সাধাৰণ সম্পাদক সংগঠন কে চি ভেনুগোপাল, লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল সহ দলৰ জ্যেষ্ঠ নেতৃবৰ্গ ৷

অনুষ্ঠানত উপস্থিত আছিল কংগ্ৰেছ কাৰ্য্যকৰী সমিতিৰ সদস্য, সাংসদ, প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি, চিএলপিৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু অন্যান্য বিষয়ববীয়া।
উল্লেখ্য যে সভাখনত অসমৰ পৰা উপস্থিত থাকে এপিচিচিৰ সভাপতি ভূপেন বৰা, বিৰোধীদলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনসহ আটাইকেই গৰাকী বিধায়ক-সাংসদ ৷
উল্লেখ্য ১৭ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা এআইচিচিৰ সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাত কৰি মল্লিকাজুৰ্ণ খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী শশী থাৰুৰে ১০৭২টা ভোট লাভ কৰে। থাৰুক বিপুল ভোটত পৰাভূত কৰি খৰ্গে কংগ্ৰেছ সভাপতি ৰূপে নিৰ্বাচিত হয় ৷
নিৰ্বাচনত জয়লাভৰ পিছতে খৰ্গে কৈছিল যে যি সময়ত দেশত “গণতন্ত্ৰ বিপদত পৰিছে” সেই সময়তে কংগ্ৰেছে “সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰি দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ উদাহৰণ” দাঙি ধৰিছে বুলি মন্তব্য কৰে ৷