Priyanka And Nick Jonos Celebrate Diwali : দেৱালী উপলক্ষে বগা সাজ পৰিধান কৰি প্ৰিয়ংকা-নিকে কৰিলে ডীনাৰ ; লগত সংগ দিলে প্ৰিয়ঙ্কা মাতৃ মধু চোপ্ৰাই

WhatsApp Image 2022 10 26 at 1.53.50 PM 2

Priyanka And Nick Jonos Celebrate Diwali :

 দেৱালী উপলক্ষে লছ এঞ্জেলেছৰ এখন ৰেষ্টুৰেণ্টত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনছে নিশাৰ আহাৰ গ্ৰহণ কৰি দীপাৱলী উদযাপন কৰা দেখা গ’ল । লগতে সংগ দিলে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই । ইতিমধ্যে দীপাৱলী উদযাপন এই ফটোসমূহ অনলাইনত আপলোড কৰিছে দম্পত্তী হালে ।

একেদৰে অন্য এখন ফটোত ৰেষ্টুৰেণ্টৰ বাহিৰত নিকৰ লগত মাতৃ মধুয়ে হাতত হাত ধৰি খোজকাঢ়ি থকা অৱস্থাত দেখা গ’ল । আগে আগে প্ৰিয়ংকাও তেওঁলোকক সংগ দিয়া দেখা গ’ল । প্ৰিয়ংকা আৰু মধুয়ে সম্পূৰ্ণ ভাৰতীয় সাজ কুৰ্তা পিন্ধা দেখা গৈছিল আৰু নিকে ক’লা ৰঙৰ জেকেট আৰু পেন্ট কৰিছিল ।

তিনিও দীপাৱলী আগমণৰ এই শুভ ক্ষণত ফ্ৰেন্সি আহাৰ খোৱাৰ লগতে পুনৰ নিকে মধুৰ হাতত ধৰি বাহিৰলৈ ওলাই অহা দেখা যায় । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোকেইখন দেখি বহু অনুৰাগীয়ে মন্তব্য দিয়াও পৰিলক্ষিত হৈছে । ইয়াৰে এজনে কৈছে , ” প্ৰেম আৰু সম্বন্ধক লৈ নিক বহুত ৰক্ষণাত্মক হোৱাৰ বাবেই তেওঁ শাহুৰেকৰ ফটো এনেকৈ চেয়াৰ কৰিছে , আমিও এই মানুহজনক ভাল পাওঁ, যি নিজৰ শাহুৰেকক ইমান মৰম কৰে ।”

একেদৰে অন্য এখন ছবিত প্ৰিয়ংকাই এই সুন্দৰ মুহুৰ্তৰ ফটো মোবাইলেৰে লৈ থকা দেখা গ’ল । এইখন ফটোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ফেনে মন্তব্য কৰে ” লাভ প্ৰিয়ংকা ক্লিকিং হাৰ হাবি এণ্ড মামা ।” উল্লেখ্য যে , কন্যা মালতী মাৰিয়া চোপ্ৰা জনছ জন্ম হোৱাৰ পিছত দম্পত্তীহালৰ এইয়া প্ৰথম দেৱালী ।

প্ৰিয়ংকাই নিজৰ কন্যাৰ ফটো এটা হৃদয় চুই যোৱা মেচেজৰ সৈতে মাডাৰছ ডে ত প্ৰথমবাৰলৈ ছ’চিয়েল মিডিয়াত চেয়াৰ কৰিছিল । য’ত অভিনেত্ৰী গৰাকীয়ে লিখিছিল , বিগত কিছু মাহৰ পৰা আমি জীৱনৰ যি উত্থান -পতনৰ সন্মুখীন হৈছো , মই ভাবো বেলেগেও সেই অভিজ্ঞতা লাভ কৰিছিল ।

১০০ তকৈ অধিক দিনৰ পিছতে অৱশেষত আমি নিকুক ঘৰলৈ আনিবলৈ সক্ষম হলো । ইফালে বিগত বৰ্ষত এই দুই স্বামী-স্ত্ৰীয়ে লছ এঞ্জেলছৰ নিজৰ ঘৰতে দীৱালী উদযাপন কৰা দেখা গৈছিল । য’ত তেওঁলোকৰ সৈতে চেলিব্ৰেটি গেষ্ট মডেল ক্ৰিছি টাইজেন আৰু তেওঁৰ সংগীত শিল্পী স্বামী জন লেজেণ্ড উপস্থিত আছিল ।

ইয়াৰ লগতে প্ৰিয়ংকাক প্ৰি- দেৱালী উদযাপনৰ এটা অনুষ্ঠানতো ঘোষিকা হিচাপে দেখা গৈছিল । বৰ্তমান প্ৰিয়ংকাই এখন ৱেব চিৰিজত ভুমুকি মাৰিব । যিখন চিৰিজ ৰুছো ব্ৰাডাৰছে প্ৰযোজনা কৰিছে । ইয়াৰ লগতে অভিনেত্ৰী গৰাকীৰ দুখন হলীউডৰ ছবিও সম্প্ৰতি মুক্তিৰ অপেক্ষাত আছে ।

Exit mobile version