Manipur:✒️মণিপুৰ(Manipur)ত মেইতেই আৰু কুকি গোষ্ঠীৰ সংঘাতৰ পাছতে এতিয়া নতুনকৈ হিংসাৰ আন এক সমীকৰণে মূৰ তুলিবলৈ আৰম্ভ কৰিছে।
পাহাৰেৰে আৱৃত সেনাপতি(Senapati), উখৰুল(Ukhrul) আৰু কাংপোকপি(Kangpokpi)জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে নাগা আৰু কুকি—এই দুটা খ্ৰীষ্টান জনজাতিৰ মাজৰ উত্তেজনা।
যোৱা ১৮ এপ্ৰিলত উখৰুল(Ukhrul)জিলাৰ ২০২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টিএম কাসোম অঞ্চলত সন্ত্ৰাসবাদীয়ে নিষ্ঠুৰভাৱে সাধাৰণ নাগৰিকৰ এখন বাহনত নিৰ্বিচাৰে গুলিচালনা কৰে। এই ঘটনাত দুজন নাগা গাঁওবাসীৰ মৃত্যু ঘটে।
নিহতসকলৰ স্মৃতিত আৰু ন্যায় বিচাৰি নাগা ছাত্ৰ সঙ্ঘ(Naga Students’ Federation) (NSF)-এ বৃহস্পতিবাৰে মমবাতি মিছিল আয়োজন কৰে। এই সমাবেশৰ পৰা কুকি সন্ত্ৰাসবাদী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হয়।
সমাবেশত বক্তব্য ৰাখি এনএছএফৰ সভাপতি এমতেইসুদিঙে কয়, “এই কাৰ্যসূচী কেৱল শোক প্ৰকাশ নহয়, বৰং অন্যায়ৰ বিৰুদ্ধে এক সামূহিক অৱস্থান।” তেওঁ লগতে জনায় যে সংগঠনটোৱে United Nations Human Rights Councilলৈ এখন স্মাৰকলিপি প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, চলতি বছৰৰ জানুৱাৰী মাহতো পৰ্বত্য মণিপুৰত এই দুটা গোষ্ঠীৰ মাজত উত্তেজনা দেখা গৈছিল। ২৬ জানুৱাৰী, Republic Dayৰ দিনা কুকি গোষ্ঠীৰ কেবাটাও ঘৰ জ্বলাই দিয়া হৈছিল।
পাছত এই ঘটনাৰ দায় স্বীকাৰ কৰে নাগা বিদ্ৰোহী সংগঠন Zeliangrong United Front-এ।
যদিও বিদ্ৰোহীসকলৰ দাবী অনুসৰি, উক্ত ঘৰসমূহ আফিম চাষৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছতেই কুকি জংগীয়ে নাগাসকলক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাই আহিছে বুলি অভিযোগ উঠিছে। ফলত ৰাজ্যখনত পৰিস্থিতি পুনৰ সংকটজনক ৰূপ লৈছে।































