Rishi Sunak : মিঠাইৰ প্রতি বিশেষ আসক্তি ব্রিটেইনৰ সর্বকনিষ্ঠ প্রধানমন্ত্রী ছুনকৰ !

ঋষি ছুনকৰ নিত্য খাদ্য তালিকাত আৰু কি কি থাকে ?

WhatsApp Image 2022 10 25 at 8.54.00 PM

Rishi Sunak :

লিজ ট্রাসৰ পাছত ব্রিটেইনৰ ইতিহাসত সর্বকনিষ্ঠ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হয় ভাৰতীয় বংশোদ্ভুত ৰাজনীতিক ঋষি ছুনক । । ২৮ অক্টোবৰ, শুকুৰবাৰে প্রধানমন্ত্রী পদত শপতগ্রহণ কৰিব তেওঁ ।

চলিত বছৰত অতিমাৰীৰ নিয়ম ভংগ কৰি বাৰে বাৰে পার্টিৰ আয়োজনৰ অভিযোগ উত্থাপনৰ পাছৰ পৰা ‘বেকফুট’ত আছিল ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন । তেওঁৰ নিজৰ কনজাৰভেটিভ পার্টিৰ সদস্যসকলৰ একাংশও বিচাৰিছে তেওঁ ব্রিটিছ প্রধানমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰাতো । এনে পৰিস্থিতিত ঋষি ছুনকৰ নাম বাৰে বাৰে পৰৱর্তী প্রধানমন্ত্রীৰূপে উত্থাপিত হৈছিল । সেইটোৱে সত্য হয় অৱশেষত ।

ছুনকৰ মাতৃ ফার্মাচিষ্ট । পিতৃ চিকিৎসক । পৰৱর্তী জীৱনত ইনফ’ছিছ কর্তা নাৰায়ণ মূর্তিৰ কন্যা অক্ষতা মূর্তিক বিয়া কৰে ছুনকে । দুই কন্যা কৃষ্ণা আৰু অনুষ্কাক লৈ সুখৰ সংসাৰ ঋষি-অক্ষতাৰ ।

ৰাজনৈতিক পৰিকল্পনাৰ পৰা ব্যক্তিগত জীৱন — একো বাহিৰত প্ৰকাশ পাবলৈ নিদিয়ে তেওঁ । সকলো আঁৰত ৰাখে । দীপাৱলীৰ সন্ধিয়া সুখবৰ অহাৰ পাছত সমগ্ৰ দেশে উত্তেজিত হৈছে অথচ যাক লৈ এই উত্তেজনা, তেওঁৰ নিৰুত্তাপ আৰু ভাবলেশহীন চকু-মুখে অবাক কৰিছে অনেককেই । উৎসৱৰ সময়তে এনে সুখবৰ — মুখ মিঠা কৰিবলৈ কি কৰিলে তেওঁ ?

সুখবৰত ছুনকে মুখ মিঠা কৰিছে নে নাই, সেয়া অৱশ্যে জানিব পৰা নাই । প্ৰাপ্ত তথ্য অনুসৰি, ছুনকে মিঠা খাই ভাল পায় । তেওঁৰ ‘ছুইট টুথ’ আছে বুলিও জানিব পৰা গৈছে ।

এক আন্তর্জাতিক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত জনাইছিল ছুনকে । অৱশ্যে তেওঁৰ পছন্দৰ তালিকাত ৰচগোল্লা, সন্দেছ, বুন্দিয়া-ভুজিয়া নাই । তেওঁ জনাইছিল, এক প্ৰকাৰৰ মেক্সিকান শীতল পানীয় তেওঁৰ প্ৰিয় খাদ্য । কুঁহিয়াৰৰ ৰসেৰে প্ৰস্তুত কৰা চেনিৰে তৈয়াৰ কৰা হয় এই পানীয় ।

ভাৰতীয় বংশোদ্ভুতগৰাকীয়ে কয়, মিঠাৰ প্রতি আসক্তিতো থাকিবই । ছুনকে কেক, কুকিজ, মাফিন, দালচেনি খাই ভাল পায় ।

৪২ বছৰ বয়সৰ ছুনক ক্ষীণ আৰু ওখ । মিঠাৰ প্রতি তেওঁৰ আসক্তি আছে যদিও অৱশ্যে তেওঁৰ চেহাৰাৰ কোনো মিল নাই । কাৰণ প্রতি দিনে যিমানে ব্যস্ত নাথাকক কিয়, ব্রিটেইনৰ এই প্রধানমন্ত্রীয়ে শৰীৰচর্চা কৰিব নাপাহৰে । নিজৰ যত্ন ল’বলৈ নিয়মিত শাৰীৰিক কচৰৎ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, ছুনক সাধাৰণতে অতি স্বল্পাহাৰী । তেওঁৰ গোটেই দিনটোৰ খাদ্য তালিকাত কেৱল এটা আপেল আৰু কিছু কাজুবাদাম থাকে ।

সুস্থ আৰু সৱল থাকিবলৈ ছুনকে সপ্তাহত এদিন উপবাসত থাকে । হ’ভিছ বীজৰ ৰুটিও থাকে তেওঁৰ খাদ্যত । নিজৰ যত্ন লোৱাৰ লগতে পৰিয়ালৰ ‘স্বাস্থ্যমন্ত্রী’ তেওঁ ।

Exit mobile version