Rishi Sunak Wife : ঋষি-পত্নীৰ ইনফ’ছিছৰ পৰা বার্ষিক আয় প্রায় ১২৬ কোটি !

তৎস্বত্ত্বেও কিয় কৰ নিদিয়ে অক্ষতাই ?

Akshta Murti

Rishi Sunak' and wife Akshata

Rishi Sunak Wife :

স্বামী ব্রিটেইনৰ প্রধানমন্ত্রী । ইনফ’ছিছৰ সহ-প্রতিষ্ঠাপক নাৰায়ণ মূর্তি আৰু প্ৰধান সুধা মূর্তিৰ কন্যা অক্ষতা । বহু ক্ষেত্রত তেওঁ স্বামী ঋষি ছুনককো প্ৰত্যাহ্বান দিব পাৰে অনায়াসে ।

ব্রিটেইনৰ ‘ফাৰ্ষ্ট লেডি’ অক্ষতা মূর্তি বেংগালুৰুৰ বাসিন্দা । কেলিফ’র্নিয়াৰ ক্লেৰমন্ট মেককেনা কলেজৰ পৰা অর্থনীতি আৰু ফৰাচী বিষয়ত স্নাতক অক্ষতা । লছ এঞ্জেলেছৰ ফেছন ইনষ্টিটিউট অৱ ডিজাইন এণ্ড মার্চেণ্ডাইজিঙৰ পৰা ডিজাইনিঙত ডিপ্লমা কৰে তেওঁ । ইয়াৰ পাছত তেওঁ ষ্টেনফ’র্ডত এমবিএ কৰিবলৈ যায়, য’ত তেওঁ ঋষি ছুনকক লগ পায় ।

ব্রিটেইনত পুৰুষৰ পোছাকৰ এটা ফেছন লেবেলৰ মালিক অক্ষতা । ২০১১ত প্রথম পোছাকশিল্পীৰূপে আত্মপ্রকাশ হয় তেওঁৰ । তেওঁ ডেলয়েট আৰু ইউনিলিভাৰতো কিছু সময়ৰ বাবে কাম কৰিছিল ।

Rishi and family

ইনফ’ছিছতো শ্বেয়াৰ আছে তেওঁৰ । ছেপ্টেম্বৰৰ শেষত পোৱা নথি অনুযায়ী, ইনফ’ছিছৰ ০.৯৩ শতাংশ শ্বেয়াৰ আছে অক্ষতাৰ হাতত । ২৫ অক্টোবৰৰ বজাৰদৰ অনুযায়ী, তেওঁৰ মালিকানাধীন শ্বেয়াৰৰ মূল্য পাঁচ হেজাৰ ৯৫৬ কোটি টকা ।

প্রধানমন্ত্রী হোৱাৰ দৌৰত ঋষি ছুনকৰ নাম উত্থাপন হোৱাৰ পাছৰ পৰা তেওঁৰ সম্পত্তি, আয়কৰক লৈ তদন্তৰ আওতাত আহে অক্ষতা । যিসকল ব্যক্তি ব্রিটেইনৰ বাহিৰৰ বাসিন্দা, কিন্তু জীৱিকা সূত্রে ব্রিটেইনত আছে, তেওঁলোকে সেই দেশৰ চৰকাৰক এটা বিশেষ কৰ দিব লাগে । ‘প্রভাৱ’ বিস্তাৰ কৰি সেই কৰ ফাঁকিৰ অভিযোগ উঠে অক্ষতাৰ বিৰুদ্ধে ।

যদিও ছুনক এজন ব্রিটিছ নাগৰিক, অক্ষতা ভাৰতীয় নাগৰিকৰ । ব্রিটেইনৰ আইন অনুযায়ী, ব্রিটেইনৰ যিসকল বাসিন্দাৰ সেই দেশৰ বাহিৰত কোনো স্থায়ী বাসগৃহ আছে, তেওঁলোকে বিদেশৰ পৰা যি আয় কৰে তাৰ ওপৰত ইউকে চৰকাৰক কোনো ধৰণৰ কৰ দিব নালাগে । সেয়ে অক্ষতাই ভাৰতৰ পৰা যি আয় কৰে, তাৰ ওপৰত কোনো ধৰণৰ কৰ ব্রিটেইন চৰকাৰক দিব নালাগে । আগন্তুক ১৫ বছৰ পৰ্যন্ত এই নিয়ম জাৰি থাকিব ।

Akshata Murty Serves Tea And Biscuits to Journalists

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় নাগৰিক হোৱাৰ বাবে তেওঁ মুঠ ২০ মিলিয়ন পাউণ্ড (ভাৰতীয় মুদ্রাত প্রায় ১৮৯ কোটি টকা) কৰ দিয়াৰ পৰা ৰেহাই পাইছে । ২০২২ত তেওঁ ইনফ’ছিছ শ্বেয়াৰৰ পৰা ১৫.৩ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ১২৬ কোটি টকা) আয় কৰে ।

কৰ ফাঁকি দিয়াৰ বিষয়ত অক্ষতাৰ মুখপাত্র‌ই সংবাদমাধ্যমক জনাইছে ভাৰতীয় নাগৰিক হোৱাৰ বাবে অক্ষতাই ভাৰতীয় আয়ৰ ওপৰত কৰ দিব নালাগে । অৱশ্যে ব্রিটেইনৰ পৰা তেওঁৰ যি আয় হয় তাৰ ওপৰত তেওঁ আবণ্টন কৰ দিয়ে । ভৱিষ্যতেও দিব ।

Exit mobile version