Chhattisgarh : পাকিস্তানী পতাকা উত্তোলন কৰি আৰক্ষী জালত ফল বিক্ৰেতা

WhatsApp Image 2022 10 27 at 15.52.36

Chhattisgarh :

এজন ফল বিক্ৰেতাই বৃহস্পতিবাৰে পুৱাতে নিজ বাসগৃহত উত্তোলন কৰিলে পাকিস্তানৰ পতাকা। অৱশ্যে পিছত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ফল বিক্ৰেতাজনক৷ এই ঘটনা ছত্তীশগড়ৰ ৰাজ্যৰ চৰণগড়-বিলাইগড়ত ৷ আৰক্ষীৰ হাতত আটক হোৱা ফল বিক্ৰেতাজনৰ নাম মুস্তাক খান ৷

পাকিস্তানী পতাকা উত্তোলনৰ পিছৰে পৰা স্থানীয় লোকসকলৰ মাজত যথেষ্ট অসন্তুষ্টি দেখা যায় । এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি থানাত অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

অৱশ্যে পিছত চৰণগড়-বিলাইগড় জিলা বিজেপিয়ে থানত ফল বিক্ৰেতা খানৰ বিৰুদ্ধে গোচৰ ৰজু কৰাত আৰক্ষীয়ে বাধ্য হয় আটক কৰিবলৈ ৷

ধৃত খানৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৫৩ ৰ অধীনত সামাজিক সম্প্ৰীতি বিঘ্নিত কৰাৰ গোচৰ ৰুজু কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version