Dhemaji : ধেমাজি চিকিৎসা মহাবিদ্যালয়-অসম মালা পথৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক বিতৰণ

নৱেম্বৰত আধাৰশিলা স্থাপন কৰিবলৈ আহিব মুখ্যমন্ত্ৰী

WhatsApp Image 2022 10 27 at 21.24.04

Dhemaji :

ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু অসম-মালা আঁচনিৰ অধীনত ঢকুৱাখানাৰ পৰা তেলিজানলৈ নিৰ্মাণ কৰিবলৈ লোৱা পথচোৱাৰ বাবে মাটি অধিগ্ৰহণ কৰা লোক সকলৰ ক্ষতিপূৰণ আজি আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয় ।

ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত মুঠ ১৫৭ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকৰ মাজত মাটিৰ মূল্যমান প্ৰদানৰ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে, নৱেম্বৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত দুয়োটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজিত স্থাপন কৰিবলৈ লোৱা নতুন সংহত উপায়ুক্তৰ কাৰ্যালয়ৰো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব।

প্ৰস্তাৱিত মেডিকেল কলেজৰ পৰা ৰেলৱে ষ্টেচনলৈ পথচোৱা বহল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।‌ ধেমাজি চহৰখনক উত্তৰ পাৰৰ এখন উন্নত তথা অগ্ৰণী চহৰলৈ উন্নীত কৰাৰ বাবে চলোৱা প্ৰয়াসত সকলো শ্ৰেণীৰ লোকে সহযোগিতা কৰিব লাগিব বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ পূৰ্বে সাংসদ প্ৰদান বৰুৱাই দিয়া ভাষণত কয় যে, অহা বছৰৰ পৰা ধেমাজি জিলাত চাৰি-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ধেমাজি চহৰৰ মাজেৰে যোৱা ঘাইপথ চোৱা চহৰৰ বাহিৰেৰে নিয়াৰ বাবে বাইপাছৰ কামো আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আদৰণি ভাষণত কয় যে, খুৱলীয়া-হিলৈধাৰীত স্থাপন কৰিবলৈ লোৱা মেডিকেল কলেজৰ বাবে অধিগ্ৰহণ কৰা ১১৪ বিঘা মাটিৰ বাবদ দিবলগীয়া ২৫.১৮ কোটি টকা ৰাজ্যৰ চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে ।

আনহাতে ঢকুৱাখানাৰ পৰা মাছখোৱা লৈ তেলিজানলৈ অসম মালা আচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা ১৫ কি:মি: জোৰা পথচোৱাৰ বাবে অধিগ্ৰহণ কৰা ৩০ বিঘা, ৩ কঠা মাটিৰ বাবদ দিবলগীয়া ২৫.৬০ কোটি টকাৰ ৫০ শতাংশ ধন ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে ।

এই দুয়োখন আঁচনিয়ে জিলাখনৰ উন্নয়নত সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে। সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইডে আঁতধৰা সভাখনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ তোলন কোৱৰো উপস্থিত থাকে ।

উক্ত প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্ত চাৰিজন লোকক সভাত প্ৰতীকি চেক প্ৰদান কৰা হয়

Exit mobile version