Indonesia :মুছলমান জনবহুল দেশৰ মুদ্ৰাত গনেশৰ ফটো !

WhatsApp Image 2022 10 27 at 18.32.52

Indonesia :

এছিয়াৰ এখন দেশ ৷ যিখন দেশৰ ৮৭ শতাংশ লোকেই ইছলাম ধৰ্মালম্বী ৷ কিন্ত আপুনি শুনি নিশ্চয় ভাল পাব ৷ এই দেশখনৰ মুদ্ৰাত জিলিকি আছে আদিদেৱ গণেশৰ ছবি ৷ ভগৱান গণেশক ভক্তিভাৱে স্বীকৃতি দিয়া দেশখনেই হ’ল ইণ্ডোনেছিয়া ৷ ইয়াত গণেশৰ সমান্তৰালভাৱে শ্ৰীকৃষ্ণ আৰু অৰ্জনৰ বিগ্ৰহ য’তে ত’তে দেখা যায় ৷

উল্লেখ্য যে কিছুবছৰ পূৰ্বে দেশখনৰ অৰ্থনীতি অৱস্থা অতি শোচনীয় হৈ পৰিছিল ৷ এনে অৱস্থাত দেশখনৰ প্ৰতিষ্ঠিত অৰ্থনীতিবিদে পৰামৰ্শ দিয়ে যে শীৰ্ঘে দেশখনৰ নোটত হিন্দুৰ উপাস্য দেৱতা গণেশৰ ছবি মুদ্ৰণ কৰিব লাগে ৷

সেই অনুসৰি দেশখনৰ চৰকাৰে নতুনকৈ বিশ হাজাৰৰ নোট উলিয়াই আৰু এই নোটত গণেশৰ ছবি দিয়া হয় ৷ পৰৱৰ্তী সময়ত দেশৰ আৰ্থিক অৱস্থা ক্ৰমাৎ সুস্থিৰ হৈ অহাত ৰাইজৰ বিশ্বাস গণেশৰ ছবি দিয়াৰ বাবে এনে হ’ল ৷

মনকৰিবলগীয়া যে বিশ হাজাৰ নোট খনৰ এটা কোণত গণেশৰ ছবি থকাৰ বিপৰীতে মাজত আছে দেশখনৰ প্ৰখ্যাত স্বাধীনতা যুঁজাৰু তথা প্ৰথম শিক্ষমন্ত্ৰী হাজাৰ দেৱন্তৰা ৷

Exit mobile version