Swedish Nationals Detained : ছুইডেনৰ পৰা অহা তিনি পৰ্যটকক আটক আৰক্ষীৰ

ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি টুৰিষ্ট ভিছাৰ নিয়ম উলংঘা

bf365662 083c 4e1d 9923 cc3790c43c29

Three Swedish Nationals Detained in Dibrugarh

Swedish Nationals Detained :

ছুইডেনৰ পৰা অহা তিনিগৰাকী পৰ্যটকে বুধবাৰে ডিব্রুগড় জিলাত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ ভিছাৰ নিয়ম উলংঘা কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ।

জ্যেষ্ঠ আৰক্ষী বিষয়া বিটুল চেটিয়াই জনাইছে, টুৰিষ্ট ভিছাত ভ্ৰমণ কৰি থকাৰ সময়তে ডিব্রুগড় জিলাৰ ঘিনাইত এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে আৰক্ষীয়ে তেওঁলোক তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

পর্যটকসকলক আদালতত হাজিৰ কৰা হয় আৰু বিদেশী আইনৰ অধীনত তেওঁলোক দোষী সাব্যস্ত হয় । সেয়ে জিলা প্রশাসক আৰু জিলা আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকক ছুইডেনলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিয়াৰ নির্দেশ দিয়া হৈছে ।

জিলা প্রশাসনৰ অনুমতি লৈ তিনিদিনীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল বিভিন্ন চাৰ্চৰ এক সংগঠন, ইউনাইটেড চাৰ্চ ফ’ৰামে ।

পর্যটকসকলক বৃহস্পতিবাৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব আৰু পাছত ছুইডেনলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জনায় আৰক্ষী বিষয়া চেটিয়াই ।

অসম আৰক্ষীয়ে বিগত মাহত ঘোষণা কৰিছিল যে ভিছাৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে তেওঁলোক অধিক কঠোৰ হ’ব । আৰক্ষীয়ে জনায় যে, বাংলাদেশী ধর্মগুৰুসকলে ৰাজ্যৰ প্রত্যন্ত অঞ্চলত ধর্মীয় সভা আয়োজন কৰি টুৰিষ্ট ভিছাৰ নিয়ম উলংঘা কৰি আহিছে ।

Exit mobile version