The Mysterious Resources Of The World : পৃথিৱীৰ ৰহস্যময় সম্পদ, যাৰ ৰহস্য আজিলৈকে ভেদ হোৱা নাই

WhatsApp Image 2022 10 27 at 20.02.14

The Mysterious Resources Of The World :

পৃথিৱীৰ ৰহস্যময় সম্পদ, যাৰ ৰহস্য আজিলৈকে ভেদ হোৱা নাই ৷ আপুনি জানেনে পৃথিৱীত এনে বহুতো ৰহস্যজনক ধন আছে৷ কিন্তু আজিলৈকে কোনেও সেই ধনবিলাক বিচাৰি পোৱা নাই । যেতিয়াই ধন, সোণ-ৰূপৰ মুদ্ৰা, হীৰাৰ গহনা আদিৰ কথা আহে ,তেতিয়াই মনলৈ আহে ‘আলিবাবা চল্লিশ চোৰৰ কাহিনী এই ধনবোৰো কেৱল কাহিনীতে সীমাবদ্ধ আছে ৷ এই ধনবোৰ গোপনীয় হৈ আছে ।

আজিও সজীৱ হৈ আছে এনে বহু বাস্তৱ ঘটনা ৷ ১৭৮২ চনত গ্ৰোচভেনাৰ নামৰ এখন জাহাজে মাদ্ৰাজৰ(আজিৰ চেন্নাই) পৰা লাখ লাখ সোণ-ৰূপৰ মুদ্ৰা আৰু মূল্যৱান হীৰাসহ কোটি টকাৰ ধন লৈ ভাৰত মহাসাগৰেৰে ৰাওনা হয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে জাহাজখন ডুব যায় দক্ষিণ আফ্ৰিকাত । এই জাহাজখনৰ স্বৰ্ণভাণ্ডাৰ আজিলৈকে সকলোৰে বাবে এক অবোধ্য সাঁথৰ হৈ ৰ’ল ।

একেদৰে বিহাৰৰ ৰাজগীৰত পুত্ৰ ভাণ্ডাৰ নামৰ এটা গুহা আছে ৷ যিটো আজিও বন্ধ হৈ আছে। কোৱা হয় যে এই গুহাটোত মগধ সম্ৰাট বিম্বিসাৰৰ বহুতো ধন- সোণ লুকাই থোৱা আছে ৷ কিন্তু আজিলৈকে কোনেও এই গুহাটো খুলিব পৰা নাই।

আনহাতে জেন লাফিট নামৰ যুৱতী আৰু তাইৰ ভায়েক পিয়েৰ জলদস্যু কেইজনৰ নেতৃত্বত মেক্সিকো উপ-সাগৰত সোণ – হীৰা ভৰ্তি জাহাজ এখন লুট কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত দুয়ো ভাতৃ- ভগ্নী মৃত্যুবৰণ হোৱাত তেওঁলোকৰ ধন-ভাণ্ডাৰ আজিও গোপন হৈয়ে থাকিল।

আনহাতে অকলেণ্ড দ্বীপত কোটি কোটি টকা লুকুৱাই ৰখা হৈছিল বহু বছৰৰ পূৰ্বে ৷ কিন্ত আজিলৈকে কোনেও সেই ধন বিচাৰি পোৱা নাই। মনকৰিবলগীয়া যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডেলানো ৰুজভেল্টে সেই ধন বিছাৰি বহুবাৰ অভিযান চলাও বিফল হৈছিল৷অৱশ্যে সেইসময়ত তেওঁ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত নাছিল ৷

Exit mobile version