Titabor Road in Deplorble Condition : এজাক বৰষুণতে তিতাবৰ চহৰৰ পথৰ ঠায়ে ঠায়ে জমা হয় পানী

পথচাৰীৰ ব্যাপক সমস্যা ,খলা-বমা পথে বৃদ্ধি কৰিছে যান-জঁট,দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাত অতিষ্ঠ তিতাবৰীয়া ৰাইজ

WhatsApp Image 2022 10 26 at 18.52.45

Titabor Road in Deplorble Condition :

 এসময়ৰ গৌৰৱোজ্জ্বল তিতাবৰ চহৰৰ বৰ্তমান ছবিখন কেনে সেয়া বৰ্ণনা কৰি অন্ত নপৰে । দুই তিনিটা চপিং মল, কেইখনমান বৃহৎ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ হ’লেই সামগ্ৰিকভাৱে তিতাবৰ চহৰৰ উন্নয়ণ হৈছে বুলি ক’ব নোৱাৰি ।

মেৰামতি নোহোৱা বাট-পথ, খোৱাপানীৰ অভাৱ আদি মৌলিক সমস্যাবোৰৰ যেতিয়ালৈকে অন্ত নপৰে তেতিয়ালৈকে তিতাবৰৰ উন্নয়ণ হোৱা বুলি কেতিয়াবা ধৰিব নোৱাৰি বুলি আজি তিতাবৰৰ একাংশ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ।

তিতাবৰ চহৰৰ গড় আলি সংযোগী চাৰিআলিৰ পৰা বৰহোলা ৰোডৰ তিনিআলিলৈ অতি ব্যস্ত পথচোৱাৰ ঠায়ে ঠায়ে ইমানেই খলা-বমা হৈ পৰিছে যে সাধাৰণ পথচাৰী সকল অতি যান-জঁটৰ মাজেৰে গাড়ী এখন লৈ যাতায়ত কৰিবলৈ এতিয়া চিন্তিত হৈ পৰে।

ইফালে পথৰ ছাইড বাম সমূহ নিৰ্মাণ কৰা বেছিদিন হোৱা নাছিল যদিও ক্ৰমাৎ ভাগিবলৈ আৰম্ভ কৰিছে । পথৰ ভগ্নপ্ৰায় অংশত এতিয়া এজাক বৰষুণ দিলেই পানীৰে উপচি পৰি জনসাধাৰণক যাতায়তত সমস্যাত পেলাইছে ।

তিতাবৰ-বৰহোলা ৰোডৰ তিনিআলিটোৰ এটা কোনত, তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সন্মুখত, ন-আলি তিনিআলিৰ ৰিলায়েন্স ট্ৰেণ্ড চপিং ম’লৰ সন্মুখত পানী জমা হৈ বৰ্তমান ৰাইজক সমস্যাত পেলোৱাৰ অভিযোগ উঠিছে । চহৰখনৰ মাজমজিয়াত পথটোৰ ওখোৰা-মোখোৰা অৱস্থাৰ বাবে এতিয়া যান-জঁটৰ সমস্যাও বৃদ্ধি পাইছে।

উল্লেখ্য যে যোৰহাটৰ পৰা তিতাবৰ হৈ বৰহোলা, নগাবাট, বেকাজানলৈ অহা লোকসকল, নাগালেণ্ডৰ মোককচাং, মৰিয়নীৰ পৰা গোলাঘাট, ডিমাপুৰ আদিলৈ যোৱা যান-বাহনসমূহ দৈনিক তিতাবৰৰ মাজেৰেই পাৰ হয়। যাৰ বাবে তিতাবৰ চহৰত যান-বাহনৰ চলাচল যথেষ্ট বৃদ্ধি হয় ।

কিন্তু তিতাবৰ চহৰৰ মাজমজিয়াৰ পথটোৱেই যদি বছৰ ধৰি বিধ্বস্ত হৈ থাকে তেনেহলে উন্নয়ণৰ আঁচনিৰে তিতাবৰীয়া ৰাইজক কিমান স্পৰ্শ কৰিছে সেয়া সহজেই অনুমেয় ।

বিধায়ক-সাংসদৰ মৌনতা, চৰকাৰৰ গুৰুত্বহীনতাৰ কথা কৈ আজি যেন অতিষ্ঠ হৈ পৰিছে তিতাবৰৰ ৰাইজ । ৰাইজৰ জ্বলন্ত সমস্যা সমূহৰ ক্ষেত্ৰত দল-সংগঠন সমূহৰ নীৰৱতাইয়ো অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

ৰাইজৰ জ্বলন্ত সমস্যা দূৰ কৰিব নোৱাৰা বিজেপি চৰকাৰ, সাংসদ, স্থানীয় বিধায়কৰ ভূমিকাক আজি তিতাবৰৰ একাংশ ভুক্তভোগী ৰাইজে গৰিহণা দি সংবাদ মাধ্যমৰ আগত কয় যে আমাৰ জনপ্ৰতিনিধি সকলে কি কৰিছে নাজানো ।

অন্ততঃ তিতাবৰৰ চহৰৰ মাজমজিয়াৰ পথসমূহ ঠিক হ’ব লাগে। তিতাবৰ চহৰৰ পথটোৰ এই অৱস্থাৰ বাবে এতিয়া লাজ পাও । তিতাবৰৰ প্ৰধান সমস্যাবোৰ ক’বলৈ গলে বহুত ওলাব । চৰকাৰে, জনপ্ৰতিনিধিসকলে ৰাইজৰ দুদৰ্শা বুজি এইবোৰ অলপ গুৰুত্ব দিব লাগে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

উল্লেখ্য যে তিতাবৰ চহৰৰ সমস্যাৰাজী সমাধানৰ ক্ষেত্ৰত পৌৰসভাকো সঠিকভাৱে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে।

Exit mobile version