Neel Pawan Baruah : বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত ভূপেন বৰাৰ গভীৰ শোক প্রকাশ

1600x960 232890 photo2021 06 0518 04 46

Neel Pawan Baruah :

বিশিষ্ট চিত্ৰশিল্পী, অসমৰ অন্য এক বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই

ই অসমীয়া জাতিৰ বাবে আন এটা অতি দুৰ্ভাগ্যজনক বতৰা বুলি অভিহিত কৰি বৰাই কয় যে, বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাক অসমীয়া জাতিয়ে তেওঁৰ শিল্পকৰ্ম আৰু বিৰল ব্যক্তিত্বৰ বাবে চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিব ।

কংগ্ৰেছ সভাপতি বৰাই প্ৰয়াত নীলপৱন বৰুৱাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু তেওঁৰ শোকদগ্ধ পৰিয়াল তথা অগণন গুণমুগ্ধৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে ।

Exit mobile version