Neel Pawan Baruah : যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

Inside Image 6 300x300 1

Neel Pawan Baruah :

যশস্বী চিত্ৰশিল্পী, ‘অসম সৌৰভ’ বঁটা প্ৰাপক নীলপৱন বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ ৷

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই টুইটত লিখে, “কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল । নীলপৱন বৰুৱাৰ প্ৰয়াণত ৰাজ্যখনে এগৰাকী কলাৰ একনিষ্ঠ সাধক তথা এগৰাকী বৰেণ্য ব্যক্তিত্বক হেৰুৱালে ৷ তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ।”

মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰেণ্য শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছে ৷

Exit mobile version