Nipan Goswami :
অসমীয়া চলচিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামীৰ হেৰাই গ’ল সাংস্কৃতিক আকাশৰ পৰা ৷ আজি ৰাজ্য চৰকাৰৰ তত্ত্বাৱধানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব মহীৰূহ গৰাকীৰ অন্তোষ্টিক্ৰিয়া ।
উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাতে নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা প্ৰবীন অভিনেতা গৰাকীৰ নিথৰ দেহ দিনৰ ২ বজাত নিয়া হয় তেখেতৰ নিজ বাসগৃহলৈ আৰু তাৰ পাছতে দিনৰ ২.৩০ বজাত নশ্বৰ দেহ নিয়া হয় জ্যোতি চিত্ৰবনলৈ।
জ্যোতি চিত্ৰবনতে ৰখা অভিনেতা গৰাকীক নিশাৰে পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৰাজ্যৰ অভিনয় আৰু সংগীত জগতৰ ব্যক্তি সকলৰ লগতে তেখেতক ভালপোৱা অলেখ গুণমুগ্ধই । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত অনুষ্ঠিত হ’বলগীয়া সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থা সম্পৰ্কে বুজ লৈছিল ।
আজি পুৱা ন বজাত প্ৰখ্যাত অভিনেতা গৰাকীৰ পাৰ্থিৱ শৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হয়৷
তাৰ পাছতেই এঘাৰ বজাত নৱগ্ৰহ শ্মশানলৈ নি তাতে জনপ্ৰিয় অভিনেতা গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। শেষকৃত্যত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ কেইবাগৰাকী মন্ত্ৰী-বিধায়ক আৰু ৰাজ্য প্ৰশাসনৰ আমোলা উপস্থিত থাকি তেখেতলৈ জনাব শেষ শ্ৰদ্ধা ৷






























