PM Modi Speaks To Rishi Sunak : বৃটিছ প্ৰধানমন্ত্ৰী ছুনাকৰে টেলিফোনিক বাাৰ্তালাপ মোডীৰ

WhatsApp Image 2022 10 28 at 11.37.33 1

PM Modi Speaks To Rishi Sunak :

ব্ৰিটেইনৰ ইতিহাসত সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হোৱা প্ৰবাসী ভাৰতীয় ঋষি ছুনাকে লণ্ডনৰ চৰকাৰী বাসগৃহ ১০ নংডাউনিং ষ্ট্ৰীটত প্ৰৱেশ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জনায় শুভেচ্ছা ৷


নতুন বৃটিছ প্ৰধানমন্ত্ৰী ছুনাকৰ স’তে এক টেলিফোনিক বাৰ্তালাপত মোদীয়ে মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ ওপৰত আলোচনা কৰে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ইংলেণ্ড দুয়ো দেশে এফটিএত স্বাক্ষৰৰ আশা কৰা বুলিও প্ৰকাশ কৰে বৃটিছ প্ৰধানমন্ত্ৰী গৰাকীক ৷

উল্লেখ্য দুয়ো দেশে মুক্ত বাণিজ্য চুক্তি আৰু এফটিএত স্বাক্ষৰ কৰাৰ কথা আছিল যদিও বিগত ছমাহৰ পৰা ব্ৰিটেইনৰ ৰাজনৈতিক নেতৃত্ব পৰিৱৰ্তন সন্দৰ্ভত কিছু অচলাৱস্থা সৃষ্টি হৈছিল বাবে সহমতৰ অভাৱ হৈছিল ৷

কিন্ত শেহতীয়াকৈ কনজাৰভেটিভ পাৰ্টিয়ে নতুন প্ৰধানমন্ত্ৰী ৰূপে ঋষি ছুনাকক নিৰ্বাচিত কৰাৰ পিছত ভাৰতৰ স’তে ব্ৰিটেইনৰ আৰ্থিক নীতি,মুক্ত বাণিজ্য আৰু বিদেশ নীতি সম্পৰ্কত কিছু আশা ৰেঙণি দেখিছে বিভিন্ন মহলে ৷

Exit mobile version