Rajnath Singh : পিঅ’কে পুনৰুদ্ধাৰৰ বার্তা প্রতিৰক্ষামন্ত্রীৰ

rajnath singh 4

Rajnath Singh :

পাক অধিকৃত কাশ্মীৰ (পিঅ’কে) পুনৰুদ্ধাৰ কৰাৰ বার্তা পুনৰ উত্থাপন হ’ল প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ বক্তব্যত । তেওঁ জনাইছে, ইয়াৰ বাবে প্রস্তাৱ উত্থাপন কৰা হ’ব সংসদত ।

আজি শ্রীনগৰৰ বদগামত শৌর্য দিৱস উপলক্ষে এক অনুষ্ঠানত ৰাজনাথে জনাইছে, পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলৰ ওপৰত পাকিস্তানে ক্রমাগত নির্যাতন চলাইছে । তেওঁ কয়, ‘‘কাশ্মীৰৰ এটা অংশ, যিটো পাকিস্তানে অবৈধভাবৱে দখল কৰিছিল সেয়া পুনৰুদ্ধাৰৰ বাবে ১৯৯৪ত প্রস্তাৱ গৃহীত হৈছিল সংসদত । সেই প্রস্তাৱ কার্যকৰ কৰাৰ ক্ষেত্রত ভাৰত বদ্ধপৰিকৰ ।’’

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে জনায়, পিঅ’কে-ৰ প্রতিজন বাসিন্দাৰ জ্বালা-যন্ত্রণা অনুভৱ কৰে ভাৰতে । তাৰ নাগৰিকসকলক নিয়মিত অত্যাচাৰ কৰা হৈছে । পাকিস্তান চৰকাৰে পিঅ’কে-ত বিদ্বেষমূলক আচৰণ কৰিছে । সেই দিন বেছি দূৰত নহয়, যেতিয়া অত্যাচাৰৰ বিৰুদ্ধে তাৰ বাসিন্দাসকলেই গৰজি উঠিব ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘‘সকলো ধৰণৰ সুযোগ সুবিধাৰ পৰা পিঅ’কে-ৰ বাসিন্দাসকল যে বঞ্চিত আমি সেই সম্পর্কে সচেতন ।’’ গিলগিট আৰু বালটিস্তানৰ প্রসংগও দাঙি ধৰিছে তেওঁ ।

ইয়াৰ পাছতেই পাকিস্তানক উদ্দেশ্যি প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ প্রশ্ন, ‘‘পিঅ’কে-ৰ বাসিন্দাসকলক কিমান অধিকাৰ দিয়া হৈছে ? মানৱ অধিকাৰৰ প্রসংগ উত্থাপন কৰি পাকিস্তানে ঘৰিয়ালৰ চকুপানী বোৱালেও তেওঁলোকে জানে পিঅ’কে-ৰ লোকসকলৰ স’তে তেওঁলোকে কি আচৰণ কৰে ।’’ তাৰ সকলো অমানৱিক কার্যকলাপৰ বাবে পাকিস্তানেই দায়ী বুলিও প্রতিবেশী দেশক লক্ষ্য কৰিছে প্রতিৰক্ষামন্ত্রীয়ে ।

তেওঁ জনায়, ১৯৪৭ত চর্দাৰ বল্লভভাই পেটেলে যি সপোন দেখিছিল, শৰণার্থীসকলে তেওঁলোকৰ ঘৰ-বাৰী ঘূৰাই পালে সেই সপোন পূলণ হ’ব । মন্ত্ৰী সিঙৰ আশ্বাস, ‘‘সেই দিন আহিবই…’’ আজি পিঅ’কে পুনৰুদ্ধাৰৰ বাবে জম্মু-কাশ্মীৰত ৩৭০ ধাৰা স্থগিত কৰাৰ প্রসংগও দাঙি ধৰে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ দাবী, এই সিদ্ধান্ত লোৱাৰ পাছত কাশ্মীৰত শান্তি, সাফল্য, সমৃদ্ধি আহিছে । সমগ্ৰ সমাজে যৌথভাৱে এই সাফল্যৰ পথে আগবাঢ়িছে ।

তেওঁ লগতে কয়, ‘‘এয়া আৰম্ভণিহে ।’’ সমগ্ৰ দেশৰ স’তে জম্মু-কাশ্মীৰৰ পূর্ণ সংযুক্তিৰ ফলত কাশ্মীৰৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ হৈছে । কেন্দ্রশাসিত অঞ্চল হোৱাৰ পাছত জম্মু, কাশ্মীৰ আৰু লাদাখত প্রতিটো ক্ষেত্রত উন্নতি হৈছে । তেওঁলোকৰ অধিকাৰ ঘূৰাই পাইছে ।

সেনাৰ আবেগ বৃদ্ধি কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে জনায়, কাশ্মীৰৰ মানুহৰ নিৰাপত্তাৰ স্বার্থত সেনা বা অন্যান্য নিৰাপত্তা সংস্থা সন্ত্ৰাসদমনত যি পদক্ষেপ কৰে, তাক লৈ অনেকেই মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, কাশ্মীৰৰ সাধাৰণ লোক, সেনা বা নিৰাপত্তা সংক্রান্ত সংস্থাৰ স’তে জড়িত কর্মচাৰীৰ ওপৰত সন্ত্ৰাসবাদীসকলৰ হিংস্র আক্রমণ কৰিলে সেই সময়ত মানৱ অধিকাৰ সন্দৰ্ভত উদ্বেগ দেখা নাযায় বুলিও কটাক্ষ কৰিছে মন্ত্ৰী সিঙে ।

সাম্প্রতিক কালত কাশ্মীৰি পণ্ডিত, প্ৰব্ৰজনকাৰী শ্রমিকসহ বিভিন্ন মানুহৰ ওপৰত আক্ৰমণৰ ঘটনাত উপত্যকাৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত যি প্রশ্ন উঠিছে, সেই প্রসংগ উত্থাপন কৰা নাই মন্ত্ৰী সিঙে । তেওঁ জনাইছে, ১৯৪৭ত অবৈধভাৱে যিসকলে কাশ্মীৰ দখলৰ চেষ্টা কৰিছিল, তেওঁলোকক উপযুক্ত উত্তৰ দিছিল ভাৰতীয় সেনাই । ভাৰতীয় সেনাৰ ইনফেন্ট্রি ৰেজিমেন্টৰ ত্যাগৰ উল্লেখ কৰি ২৭ অক্টোবৰত তেওঁলোকক উদ্দেশ্যি শ্রদ্ধাও জনায় ।

Exit mobile version