Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

WhatsApp Image 2022 10 29 at 20.12.05

Appointment Letter Distribution :

একলাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰে আজি ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰে নিযুক্তি পত্ৰ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দুপৰীয়া ভাগত অনুষ্ঠিত এক হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এচিএচ , এপিএচ, বিত্ত বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগৰ মুঠ ৬৫৫ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক বিতৰণ কৰে নিযুক্তি পত্ৰ ।

মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,চৰকাৰী চাকৰি লাভ কৰি ৰাইজৰ সেৱাৰ বাবে প্ৰস্তুত হোৱা ৬৫৫গৰাকী প্ৰাৰ্থীৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিস্বচ্ছভাৱে প্ৰাৰ্থী বাছনি কৰাৰ বাবে অসম লোকসেৱা আয়োগলৈ ধন্যবাদ জ্ঞাপন কৰে।

অসম লোকসেৱা আয়োগক অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যাতে সকলো কাৰিকৰী বিভাগৰ অভিযন্তা বাছনি কৰিবলৈ এটা উমৈহতীয়া ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰি সফল প্ৰাৰ্থীক লটাৰী পদ্ধতিৰে বিভাগ আবণ্টন দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হওক। ইয়াৰ লগতে আন্তঃবিভাগীয় বদলিৰো প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে ৷

আনহাতে নৱনিযুক্ত অসম অসামৰিক সেৱা আৰু সংযুক্ত সেৱাসমূহৰ বিষয়া আৰু কনিষ্ঠ অভিযন্তাসকললৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়, তেওঁলোকে নিজৰ পেছাদাৰী কৰ্মজীৱনটো দুখীয়া আৰু সাধাৰণ লোকৰ সেৱাত উৎসৰ্গা কৰে। নৱনিযুক্ত বিষয়াসকলক চৰকাৰৰ নতুন অসম নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দিশত আগভাগ ল’বলৈ আহ্বান জনায়।

অনুষ্ঠানত মন্ত্ৰী সকল ক্ৰমে যোগেন মহন, অশোক  সিংহল,  জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, মুখ্য সচিব পৱন বৰঠাকুৰ, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী সহ বহুকেইগৰাকী গণমাণ্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে আজি বিত্ত বিভাগত ৩৩ গৰাকী, কৰ্মচাৰী বিভাগত ১২০ গৰাকী প্ৰাৰ্থী. গৃহ বিভাগত ৬৯ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী পৰিবহণ বিভাগত ০৫ গৰাকী,আবকাৰী বিভাগত ০৭ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫ গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩ গৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ০৪ গৰাকী, উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰে নিযুক্তি পত্ৰ ৷

Exit mobile version