Kangana -J P Nadda : ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটে !

,বিজেপি টিকটক প্ৰতিদ্বন্দ্বিতাৰ মন কংকনাৰ , বিজেপি সভাপতি নাড্ডাৰ স্পষ্টমত আগত দলত যোগদান কৰক 

WhatsApp Image 2022 10 29 at 21.03.35

Kangana -J P Nadda :

তদানীন্তন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে তীব্ৰ বিষেদাগাৰ কৰি জনপ্ৰিয়তা অৰ্জন কৰা বিতৰ্কিত অভিনেত্ৰী কংকনা ৰাণাৱটে এইবাৰ চলচ্চিত্ৰ পথাৰৰ পৰা খোজ পেলাব বিচাৰিছে ৰাজনীতি পথাৰলৈ ৷

বিভিন্ন মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মণ্ডী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশৰ কথা ব্যক্ত কৰে এটা নিউজ চেনেলৰ অনুষ্ঠানত ৷

পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেল এটাৰ এক বিশেষ অনুষ্ঠানত কংকনাৰ উপৰিও উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

নাড্ডাই এই সন্দৰ্ভত কয়, কংকনা বিজেপিত যোগদান কৰিলে আমি নিশ্চয় আদৰণি জনাম ৷ ইতিমধ্যে তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ কামকাজৰ প্ৰতি আকৰ্ষিত হৈছে ৷ এনেক্ষেত্ৰত তেওঁক দললৈ স্বাগতম ৷

আনহাতে দলীয় টিকটৰ সম্পৰ্কত বিজেপি সভাপতি গৰাকীয়ে কয়, নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লয় দলৰ সৰ্বোচ্চ নিৰ্বাচন কমিটিয়ে ৷

সেয়েহে প্ৰথমে কংগনা ৰানাৱটে দলত যোগদান কৰক ৷ তাৰ পৰৱৰ্তী সময়ত দলে নিশ্চয় সিদ্ধান্ত ল’ব ৷ চৰ্তক লৈ কাৰো স’তে কোনো আলোচনা নহয় ৷ প্ৰতিশ্ৰুতি দি কাকো দলত লোৱা নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই নাড্ডাই ৷

Exit mobile version