Home News Assam Neel Powan Baruah : পঞ্চভূতত বিলীন চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পাৰ্থিৱ শৰীৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন শেষকৃত্য By publisher 2 years Ago ShareShareShareShare Neel Powan Baruah : নবগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ সম্পন্ন হ’ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ শৰীৰ ৷ কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত শ্মশানস্থলীত অসম আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলী ফুটাই শেষ বিদায় জনায় ৷ ইয়াৰ পূৰ্বে চিত্ৰ শিল্পৰ মহীৰূহ গৰাকীৰ নশ্বৰ দেহ বেলতলাৰ বাসগৃহৰ পৰা পুস্পসজ্জিত বাহনেৰে বেলতলাৰ কাৰ্ট কলেজ হৈ চান্দমাৰী আৰ্টিষ্ট গিন্ডৰ পৰা ৰবিন্দ্ৰ ভৱন আৰু তাৰ পৰা শ্বহীদ ভৱনৰ হৈ শেষত নৱগ্ৰহলৈ অনা হয় ৷ উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল চিত্ৰশিল্পী গৰাকীয়ে । চিত্ৰশিল্পী গৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহতে ৰখা হয় । অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীক জনাইছিল শেষ শ্ৰদ্ধা । Categories: India, Assam, News Tags: Assam PoliceCMOGuwahatiNabagrahaNeel Pawan Baruah Related Content 34 most wanted criminals in India hiding in 17 countries:১৭ দেশত আত্মগোপন ভাৰতৰ ৩৪ ম'ষ্ট ৱান্টেড অপৰাধী ! By publisher May 6, 2024 Pakistan Will Surpass the Indian Economy:Pak PM:ভাৰতীয় অর্থনীতিক অতিক্ৰম কৰিব পাকিস্তানে: দাবী প্ৰধানমন্ত্ৰী শ্বৰীফৰ By publisher May 6, 2024 Australian MP Accused of Sexual Assaultবলপূর্বক ড্ৰাগছ সেৱন কৰাই যৌন আতিশয্যৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা সাংসদৰ By publisher May 6, 2024 App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ ! By publisher May 6, 2024 Air India Flight:বিমানযাত্ৰীয়ে লগত নিব পাৰিব ১৫ কিলো সামগ্রী ! By publisher May 6, 2024 Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ'ব By publisher May 6, 2024