Winter : শীত কালত ব্যৱহাৰ কৰা লেপ সাধাৰণতে কিয় ৰঙা কাপোৰে তৈয়াৰ কৰা হয় ?

WhatsApp Image 2022 10 29 at 16.01.00

Winter :

শীতকালত সাধাৰণতে সকলোৱেই লেপ বা তোষক বনায় । মৌচুমী জলবায়ু আগমণৰ লগে লগেই লেপ-তোষক বনোৱা ব্যৱসায়ী সকলৰো কামৰ বোজা বাঢ়ে ।

শীত অহাৰ লগে লগেই লেপ-তোষকৰ দোকানতো ৰঙা কাপোৰৰ চাহিদা বাঢ়ে । কাৰণ সাধাৰণতে সকলোৱে ৰঙা ৰঙৰ লেপ তৈয়াৰ কৰিবলৈ বেছি ভাল পায় । প্ৰশ্ন হ’ল কিয় মানুহে লেপ বা তোষক খন ৰঙা ৰঙৰ নিৰ্বাচন কৰে ?

এটা সময়ত মুৰ্চিদাবাদৰ এই শিল্প সৰ্বত্ৰে জনপ্ৰিয় আছিল । ৰঙা ৰঙৰ মখমলৰ কাপোৰ চিলাই তুলা ভৰাই এই লেপ তৈয়াৰ কৰা হয় । সুগন্ধি হিচাপে সেই লেপ খনত আতৰ ঢালি দিয়া হৈছিল । আজি কালি অৱশ্যে অধিক দামৰ বাবে মখমল কাপোৰ ব্যৱহাৰ কৰা নহয় ।

বাংলা , বিহাৰ, উৰিষ্যাসহ অবিভক্ত বাংলাৰ প্ৰথম নবাব মুৰ্শিদ কুলি খানৰ আমোলা থকা সময়তে ৰীতি অনুসৰি ৰঙা ৰঙৰ মখমলৰ কাপোৰ ব্যৱহাৰ কৰি লেপ চিলোৱা হৈছিল । ইয়াৰ পিছত নবাব চুজাউদ্দিনে মখমলৰ পৰিৱৰ্তে চিক্ল কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ।

কিন্তু ৰঙৰ কোনো পৰিৱৰ্তন কৰা নাছিল যদিও অধিক মূল্যৰ বাবে পিছত প্ৰায় খিনি মানুহে সাধাৰণ কাপোৰ ব্য়ৱহাৰ কৰিবলৈ আৰম্ভ কৰে । কিন্তু ৰঙা ৰংটো থাকি যায় ।

ঢাকাৰ এজন লেপ ব্যৱসায়ীয়ে জনোৱা মতে , লেপৰ এই ৰীতি ও ৰঙা ৰঙৰ ব্যৱহাৰ নবাৱেও অনুসৰণ কৰিছিল । সেইকাৰণেই ৰঙা ৰঙৰ লেপৰ ৰীতি চলি আহিছে । অৱশ্যে ইয়াৰ অন্যান্য কিছু কাৰণো আছে । ইয়াৰে এটা হৈছে – এখন লেপ বনোৱা দিন ধৰি ধোৱা নহয় আৰু ৰঙা ৰং ব্যৱহাৰ কৰিলে ময়লা হ’লেও দৃষ্টিগোচৰ নহয় ।

কিন্তু ইয়াতো বিভিন্নজনৰ মতান্তৰ হোৱা দেখা যায় । অনেকেই কৈছে , ইতিহাস বা ঐতিহ্যৰ প্ৰতি সন্মান জনাই লেপ তৈয়াৰ কৰোতে ৰঙা ৰং ব্যৱহাৰ কৰা হয় আৰু কিছু লোকে কেৱল ব্যৱসায়ীক দৃষ্টিভংগীৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈহে ৰঙা ৰং ব্যৱহাৰ কৰাৰ বুলি উল্লেখ কৰিছে । যাতে দূৰৈৰ পৰা ক্ৰেতাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

Exit mobile version