Crime :
‘ চুৰি কৰি অনুতপ্ত ‘, মন্দিৰত চুৰি কৰি পুনৰ সামগ্ৰী ঘূৰাই ক্ষমা খুজিলে চুৰে
মন্দিৰত প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী চুৰি কৰিছিল এজন যুৱকে । ইয়াৰ ভিতৰত আছিল ৰূপ আৰু পিতলৰ সামগ্ৰীও। আৰক্ষীয়ে মন্দিৰত চুৰিৰ তদন্তও কৰি আছে। মন্দিৰৰ চুৰি ঘটনাৰ তদন্তত নামিছে আৰক্ষী। কিন্তু চোৰটোক ধৰিবলৈ সক্ষম হোৱা নাই।
সেই সময়তে, নিজৰ কামৰ বাবে অনুতপ্ত হৈ চুৰি কৰা সামগ্ৰীবোৰ ঘূৰাই পঠিয়ালে অভিযুক্ত যুৱকজনে। একে সময়তে, অভিযুক্ত যুৱকজনে চুৰিৰ বাবে ক্ষমা বিচাৰি এখন পত্ৰও লিখিছে।
তেওঁ লিখিছিল, “মই ভুল কৰিছিলো, মোক ক্ষমা কৰি দিয়ক। ঘটনাটো মধ্য প্ৰদেশৰ বালাঘাট জিলাত সংঘটিত হৈছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, শান্তিনাথ দিগম্বৰ জৈন মন্দিৰৰ পৰা ১০ টা ৰূপ আৰু পিতলৰ সামগ্ৰী চুৰি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় দাবৰে জনাই যে চুৰিটো ২৪ অক্টোবৰত লামতা আৰক্ষী থানা অঞ্চলৰ মন্দিৰত সংঘটিত হয়। তেতিয়াৰ পৰা, আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি আছে।
শুক্ৰবাৰে, এটা জৈন পৰিয়ালে লামতা অঞ্চলৰ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত এটা মোনা পৰি থকা দেখা পাই। তেওঁলোকে তেতিয়া সেই বিষয়টো আৰক্ষীক জনায়। বেগটো খোলাৰ লগে লগে মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰী পোৱা যায়। তাত উদ্ধাৰ হয় চোৰে লিখা এখন পত্ৰও ।
আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, অভিযুক্ত যুৱকজনে পত্ৰখনত চুৰি হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে। তেওঁ লিখিছিল, “মই মোৰ কামৰ বাবে ক্ষমা বিচাৰোঁ। মই এটা ভুল কৰিছিলো। অনুগ্ৰহ কৰি ক্ষমা কৰিব। চুৰি কৰাৰ পাছত মই বহুত কষ্ট পাইছিলো। “এনে ঘটনা দেখি স্থানীয় লোকসকল হতবাক হৈ পৰে। অৱশ্যে, আৰক্ষীয়ে জনাই যে যুৱকজনে ক্ষমা বিচাৰিলেও গ্ৰেপ্তাৰ কৰা হ’ব। ইতিধ্যেই তেওঁৰ বাবে অনুসন্ধান আৰম্ভ কৰা হৈছে।






























