Gujarat : পাঁচ দিনৰ পুৰ্বেই মুকলি হোৱা দলঙ ভাঙি পৰিল গুজৰাটত

1667138992 gujrat

Gujarat :

দেওবাৰে সন্ধিয়া গুজৰাটৰ মোৰবি জিলাৰ মাচ্চু নদীৰ ওপৰৰ এখন দলং খহি পৰাৰ ফলত কেবাজনো লোক আহত হয়। দলংখনত থকা বহুতোলোক নদীত পৰে।

তেওঁলোকৰ বহুতকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে, বৰ্তমানৰলৈকে কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

প্ৰথমতে, স্থানীয় বাসিন্দাসকলৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হয়, কিন্তু পাছত দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষীয়ে গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰ অভিযান এতিয়াও চলি আছে। জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বহুতো এম্বুলেন্স ঘটনাস্থলীলৈ অনা হৈছে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, দলংখন ৰক্ষণাবেক্ষণৰ পাঁচ দিন আগতে পুনৰ মুকলি কৰা হৈছিল দলঙখন। দুৰ্যোগটো ছয় দিনৰ ভিতৰতে সংঘটিত হয়।

Exit mobile version