Share Market : এক লাখ টকাৰ বিনিয়োগত ১০ বছৰতে হ’ব কোটিপতি !

Important functions of stock market 777x435 1

Share Market:

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি মোটা অংকৰ লাভ অৰ্জন কৰিবলৈ সকলোৱে বিচাৰে। কিন্তু, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিনিয়োগকাৰীৰ ভাগ্য বৰ ভালকৈ উদয় হোৱা নাই বুলিয়েই ক’ব পাৰি। বৃহৎ লাভৰ মুখ দেখাতো দূৰৰে কথা, কেবাটাও কোম্পানীৰ শ্বেয়াৰৰ দৰ পতনৰ ফলত বহু বিনিয়োগকাৰীয়ে বৰ বেয়াকৈ মুখ থেকেচাহে খাইছে। কিন্তু বজাৰৰ এইহেন ক্ষণভংগুৰ পৰিস্থিতিৰ মাজতো বহু ক্ষেত্ৰত মাত্র এক লাখ টকাৰ বিনিয়োগকাৰীয়ে কোটিপতি হোবাৰ সুযোগ পাইছে।

কেইটামান মুষ্টিমেয়কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিয়ে বিনিয়োগকাৰীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। এনে কেতবোৰ কোম্পানীৰ শ্বেয়াৰত ১০ বছৰ আগতে য’ত নেকি মাত্র এক লাখ টকা বিনিয়োগ কৰা হৈছিল, সেইবোৰৰ বৰ্তমানৰ বজাৰ মূল্য এক কোটিলৈ বৃদ্ধি পাইছে ।

কোনবোৰ কোম্পানীৰ শ্বেয়াৰ এই তালিকাত আছে ?

এষ্ট্রেল পাইপছৰ পৰা আৰম্ভ কৰি বাজাজ ফিনছাৰ্ভ, অৱন্তী ফীডছ লিমিটেডলৈ, এই কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য চকু কপালত তুলিব পৰা হাৰত বৃদ্ধি পাইছে। উদাহৰণ স্বৰূপে, ১০ বছৰৰ আগতে যদি এষ্ট্রেল পাইপছৰ শ্বেয়াৰত ১০ লাখ টকা বিনিয়োগ কৰা হৈছিল তেন্তে ইয়াৰ বৰ্তমানৰ বজাৰ মূল্য ১.৯৯ কোটি টকালৈ বৃদ্ধি পাইছে।

একেদৰে বাজাজ ফিনচাৰ্ভৰ শ্বেয়াৰৰ মূল্য এক লাখ টকাৰ পৰা ২.১ কোটি টকালৈ বৃদ্ধি পাইছে যোৱা ১০টা বছৰত। ইফালে, অৱন্তী ফিডছ লিমিটেডৰ শ্বেয়াৰৰ মূল্যও ৩.২ কোটি টকালৈ বৃদ্ধি পাইছে। এই তালিকাত আৰু বহুকেইটা কোম্পানীৰ নাম সংযুক্ত হৈ আছে।

উদাহৰণস্বৰূপে, হিন্দুস্তান ফুডছৰ শ্বেয়াৰে যোৱা ১০ বছৰত প্ৰায় ৪৩৭৩৮ শতাংশৰ ৰিটাৰ্ণ দিছে। এই সময়ছোৱাত বিনিয়োগকাৰীয়ে খটুওৱা মাত্র এক লাখ টকা বৃদ্ধি পাই ৪.৩৮ কোটি টকা হৈছে। আনহাতে, জি আৰ এম অভাৰচিজৰ শ্বেয়াৰে ১০ বছৰত প্ৰায় ১৮৯০২ শতাংশৰ ৰিটাৰ্ণ দিছে। এই শ্বেয়াৰৰ নামত বিনিয়োগকাৰীয়ে খটুওৱা এক লাখ টকা ১০ বছৰৰ ভিতৰত ১.৯৭ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে, যোৱা ১০ বছৰত ফিনিঅ’টেক্স কেম নামৰ কোম্পানীটোৰ শ্বেয়াৰে প্ৰায় ১৬১৯০ শতাংশৰ ৰিটাৰ্ণ দিছে। এই সময়ছোৱাত বিনিয়োগকাৰীৰ এক লাখ টকা বৃদ্ধি পাই ১.৬৩ কোটি টকালৈ উঠিছে ।

Exit mobile version